NORTHEAST NOW (Assamese)

ৰাজ্যৰ ২০খন সত্ৰলৈ ১০ লাখ টকাৰ আৰ্থিক অনুদান মুখ্য মন্ত্ৰী সোণোৱালৰ

September 25, 2019 7:15 pm · এন ই নাও নিউজ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ২০ খন সত্ৰৰ সংৰক্ষণ, সংবৰ্ধন আৰু উন্নয়নৰ বাবে প্ৰত্যেকখনলৈ  আনুষ্ঠানিকভাৱে আজি ১০ লাখ টকাৰ চেক প্ৰদান কৰে।

আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এক সভাত মুখ্য মন্ত্ৰীয়ে সংশ্লিষ্ট সত্ৰৰ সত্ৰাধিকাৰ সকলৰ হাতত আনুষ্ঠানিকভাৱে চেকসমূহ প্ৰদান কৰে।

এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে সত্ৰ সমূহৰ সংৰক্ষণ, সংবৰ্ধন আৰু উন্নয়নৰ বাব ৰাজ্য চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

মুখ্য মন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা সত্ৰ সমূহৰ গৱেষণামূলক জৰীপ চলাবলৈ ইতিমধ্যে প্ৰত্নত্বাত্তিক বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি সত্ৰাধিকাৰ সকলক অৱগত কৰে।

ইয়াৰ উপৰি অসমৰ সত্ৰ সমূহৰ ঐতিহ্য আৰু সমাজ জীৱনত ইয়াৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰি এখন গ্ৰন্থ প্ৰকাশৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লোৱা বুলিও মুখ্য মন্ত্ৰীয়ে প্ৰকাশ কৰে।

আনহাতে সভাত পুথিভড়াঁল আৰু প্ৰত্নত্বাত্তিক বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কয় যে অসম চুক্তিৰ ৬ নং দফা অনুসৰি সত্ৰীয়া-সংস্কৃতি সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব।

আজিৰ এই সভাত পুথিভড়াঁল আৰু প্ৰত্নত্বাত্তিক বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, সত্ৰ মহাসভাৰ সভাপতি আৰু সম্পাদক আৰু বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ সকল উপস্থিত থাকে।

Related News