নৱ প্ৰজন্মই সংস্থাপন বিচৰাৰ পৰিৱৰ্তে নিজে সংস্থাপনৰ সুবিধা সৃষ্টি কৰিব লাগিব : মুখ্য মন্ত্ৰী

আজি মুখ্য মন্ত্ৰী সোণোৱালে ডিব্ৰুগড়ত মুকলি কৰিলে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ নৱ নিৰ্মিত ভৱন

CM Sonowal

‘যুৱক-যুৱতীসকলে চৰকাৰী চাকৰিলৈ বাট নাচাই স্বনিয়োজনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ মানসিকতা আহৰণ কৰিব লাগিব। নৱ প্ৰজন্মই সংস্থাপন বিচৰাৰ পৰিৱৰ্তে নিজে সংস্থাপনৰ সুবিধা সৃষ্টি কৰিব লাগিব’। আজি ডিব্ৰুগড়ত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ নৱ নিৰ্মিত ভৱন মুকলি কৰি এইদৰে ভাষণত কয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৩.৮৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত হোৱা উক্ত ভৱনটিয়ে ডিব্ৰুগড় জিলাৰ উঠি অহা নৱ প্ৰজন্মক যথেষ্ট উপকৃত কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এক ঔদ্যোগিক পৰিৱেশ গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে ‘ইজ অব ড়ুয়িং বিজনেছ’ৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰীয়ে কয় ‘ৰাজ্যত তেল আৰু প্ৰাকৃতিক গেছ খণ্ডত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৪০ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ লোৱা পদক্ষেপে কেৱল তৈল ক্ষেত্ৰৰ বিকাশ সাধন কৰা নহয়, নিয়োগৰো সুবিধা সৃষ্টি কৰিব’।

ইফালে অসমত বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উদ্যোগ গোষ্ঠীয়ে বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহা বুলি উল্লেখ কৰি সোণোৱালে কয় যে ইয়াৰ ফলত ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ত্বৰান্বতি হৈ পৰিছে।

শেষত মুখ্য মন্ত্ৰীয়ে কয় যে যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ নতুনকৈ স্থাপন কৰা এই ভৱনটিত এনে এক পৰিৱেশ ৰচনা কৰিব লাগিব যাতে যুৱ প্ৰজন্মই ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থাপনৰ বাবে আগ্ৰহী হৈ উঠে।

আজিৰ এই অনুষ্ঠানত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, ঋতুপৰ্ণ বৰুৱা আৰু উদ্যোগ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।