বাঘজানৰ বিষয় সম্পৰ্কত অইল ইণ্ডিয়া লিমিটেডৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

PSX_20201107_173011

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কক্ষত অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে বাঘজানৰ বিষয় সম্পৰ্কত এক বৈঠকত মিলিত হয়।

বৈঠকত বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়া, মাগুৰী বিলক পৰ্যটকৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তোলা ইত্যাদি বিষয়সমূহ বিতংভাৱে আলোচনা কৰা হয়।

বৈঠকত মুখ্যমন্ত্ৰীয়ে বাঘজানৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াসকলক আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে কয় যে মাণুৰী-মটাপুং বিলৰ জৈৱ-বিচিত্ৰতা অক্ষুণ্ণ ৰাখি ইয়াক পৰ্যটনৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তোলাৰ যথেষ্ট অৱকাশ আছে।

দেশী-বিদেশী পৰ্যটকসকলক আকৰ্ষিত কৰিব পৰাকৈ এই বিলৰ উন্নয়ন সাধন কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও অইল ইণ্ডিয়া কৰ্তৃপক্ষক তেওঁ আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে কয় যে বাঘজানৰ অগ্নিকাণ্ডৰ পিছতেই কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ সৈতে অঞ্চলটো পৰিদৰ্শনৰ সময়ত যি কেইটা ঘোষণা কৰা হৈছিল, সেই সমূহৰ ৰূপায়ণ অহা ২০ ডিচেম্বৰৰ ভিতৰত কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে।

আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক প্রমুখ্যে ৰাজ্য প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।