চলিত বৰ্ষৰ নৱেম্বৰৰ ভিতৰত অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে উঠাই লোৱাৰ সম্ভাৱনা আছে: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে চলিত বৰ্ষৰ ভিতৰত ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা)সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ব।

‘আমি ২০২৩ চনৰ শেষৰ ফালে অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ লক্ষ্য লৈছো। আমাৰ আৰক্ষী বাহিনীক প্ৰশিক্ষণ দিবলৈ প্ৰাক্তন সামৰিক জোৱানকো সামৰি লৈছো।’

দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে সশস্ত্ৰ আৰক্ষী কমাণ্ডেণ্টৰ সন্মিলনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

লগতে পঢ়ক: হঠাতে মেট্ৰিকৰ ফলাফল ঘোষণা জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা দৃষ্টি আঁতৰোৱাৰ কৌশল নেকি?

মুখ্যমন্ত্ৰীয়ে কয়, ‘ৰাজ্যখনৰ পৰিস্থিতিৰ নিৰন্তৰ উন্নতিৰ লগে লগে চলিত বৰ্ষৰ শেষৰ ফালে সমগ্ৰ ৰাজ্যৰ পৰা আফস্পা উঠাই লোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত আইন অনুসৰি যিমানখিনি কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ উপস্থিতি ৰাজ্যত বাধ্যতামূলক তাৰ বাহিৰে চিএপিএফৰ ঠাইত অসম আৰক্ষীৰ বেটেলিয়নক ক্ষমতা প্ৰদান কৰা হ’ব।’

মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে বেটেলিয়নৰ বাহিনীৰ মানসিকতাত ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব যাতে তেওঁলোকে অনুভৱ কৰিব পাৰে যে বিভিন্ন বেটেলিয়নৰ কমাণ্ডেণ্ট আৰু কৰ্মীসকল অসমৰ আৰক্ষী বাহিনীৰ অবিচ্ছেদ্য অংগ।

তেওঁ লগতে কয়, ‘অসম আৰক্ষী বেটেলিয়নক সবলীকৰণৰ বাবে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰা হ’ব যাতে তেওঁলোকে নিজেই ৰাজ্যৰ আইন-শৃংখলাৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সক্ষম হয়। তেওঁলোকক লগতে মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ নকৰাকৈ বা যিমান সম্ভৱ নূন্যতম ব্যৱহাৰৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈও প্ৰস্তুত কৰি তোলা হ’ব।’

লগতে পঢ়ক: গুৱাহাটী মহানগৰীৰ হোষ্টেলত ১৯ বছৰীয়া ছোৱালীৰ মৃতদেহ উদ্ধাৰ

শৰ্মাই লগতে কয় যে কামাণ্ডেণ্ট আৰু অসম আৰক্ষীৰ বেটেলিয়নে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকা বিবেচনা কৰি প্ৰতি ছমাহৰ মূৰে মূৰে কমাণ্ডেণ্ট সন্মিলন আয়োজন কৰা হ’ব।

তেওঁ কয়, ‘বেটেলিয়নৰ ৰেংক এণ্ড ফাইলত ইতিবাচক পৰিৱৰ্তন আনি ৰাজ্যখনক অধিক ফলপ্ৰসু আৰক্ষী বাহিনী দিয়াৰ বাবে এই কাম কৰা হ’ব।’