চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে চিৰিয়াছ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; অনুষ্ঠিত কৰিলে পৰ্যালোচনা বৈঠক

Sarbananda Sonowal Bajali district: Locals welcome Sonowal cabinet decision, BJP distributes sweets

সৰ্বানন্দ সোণোৱাল। উৎস-ইণ্টাৰনেট

চাহ জনগোষ্ঠীৰ উন্নয়ণৰ বাবে ৰূপায়িত হৈ থকা আঁচনিসমূহ পৰ্যোলোচনা কৰাৰ উদ্দেশ্যেৰে শুকুৰবাৰে জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ খৰতকীয়াভাৱে ৰূপায়ণ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।

চাহ জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে এই জনগোষ্ঠীৰ উন্নয়নৰ বাবে ৰূপায়িত হৈ থকা চৰকাৰী আঁচনিৰ বিষয়ে হিতাধিকাৰীসকলক অৱগত কৰি তুলিব লাগিব আৰু তেতিয়াহে আঁচনিসমূহে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব।

সোণোৱালে তৃণামূল পৰ্যায়তো সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু লাইন চৰ্দাৰসকলক প্ৰদান কৰা এপযুক্ত স্মাৰ্টফোনৰ যোগেদি চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত ডিজিটেল সাক্ষৰতা অভিযান খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ বিষয়ে চাহ বাগিচাৰ লোকসকলক অৱগত কৰিবৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে লাইন চৰ্দাৰ সকলৰ মাজত ১১,৮৫৮ টা স্মাৰ্ট ফোন বিতৰণ কৰিছে।

মুখ্য মন্ত্ৰীয়ে শিক্ষিত নিবনুৱাসকলৰ বাবে স্বনিয়োজনৰ অৱকাশ থকা আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ২৫ ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ সকলো শিক্ষিত নিবনুৱাকে একোখনকৈ চাৰিচকীয়া বাহন প্ৰদান কৰাৰ মত পোষণ কৰে যাতে তেওঁলোকে উপাৰ্জনৰ পথ উলিয়াব পাৰে।

উল্লেখযোগ্য যে, মুঠ ৫.১৯ কোটি টকাৰ বিনিময়ত ১৪২ খন বাহন বিনামূলীয়া পঞ্জীয়ন আৰু বীমাৰ সৈতে ইতিমধ্যে প্ৰদান কৰা হৈছে।

তাৰোপৰি, আত্মসহায়ক গোট সমূহৰ জৰিয়তে মহিলাসকলৰ অৰ্থনৈতিক সৱলীকৰণৰ বাবে শ্বহীন মাংৰী ওৰাং মহিলা সৱলীকৰণ আঁচনি ৰূপায়ণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। এই আঁচনিৰ অধীনত ইতিমধ্যে এহাজাৰ আত্মসহায়ক গোট নিৰ্বাচিত কৰা হৈছে আৰু তেওঁলোকৰ বেংক একাউণ্টত পাবলগীয়া ধনৰাশি প্ৰদান কৰা হৈছে।

চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক উন্নয়নৰ বাবে জলপানি তথা বিত্তীয় অনুদানৰ ব্যৱস্থা কৰিবলৈ মুখ্য মন্ত্ৰীয়ে চাহ জনগোষ্ঠী উন্নয়ন বিভাগৰ সঞ্চালকক নিৰ্দেশ দিয়ে। তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।