NORTHEAST NOW (Assamese)

লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিবলৈ মোডী, শ্বাহক সাক্ষাৎ মুখ্য মন্ত্ৰী সোণোৱালৰ

December 26, 2018 9:33 pm · এন ই নাও নিউজ

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ২৬ ডিচেম্বৰ বুধবাৰে নতুন দিল্লীত প্ৰধান মন্ত্ৰী মোডী আৰু বিজেপি সভাপতি অমিত শ্বহক সাক্ষাৎ কৰে। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অনুষ্ঠিত হোৱা এই সাক্ষাৎকাৰক এটা অতি গুৰুত্বপূৰ্ণ বুলি বিৱেচিত হৈছে। উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ প্ৰধান মন্ত্ৰী মোদী ৪ জানুৱাৰিত গুৱাহাটীত অসমলৈ আহিব।

সূত্ৰৰ পৰা জানিব পৰা গৈছে যে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত বিভিন্ন বিষয়ৰ ওপৰত বিজেপিৰ শীৰ্ষ নেতৃত্বই আলোচনা কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নয়ন প্ৰক্ৰিয়া সন্দৰ্ভত বিভিন্ন সংগঠনৰ বিৰোধিতাৰ সন্দৰ্ভত আলোচনা কৰা হয়।

উল্লেখ্য যে অগপৰ সৈতে বিজেপিয়ে ৰাজনৈতিক মিত্ৰতা স্থাপন কৰিছে যদিও অলপতে সম্পন্ন হোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়চোৱাত দুয়োটা দলৰ মাজত তিক্ততা বাঢ়ি আহিছে।

অসম বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসে ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বলৈ অগপ আৰু বিজেপিৰ মাজৰ তিক্ততাপূৰ্ণ সম্পৰ্কৰ কথা জনাই লিখিতভাৱে জনাইছে।

Related News