৪৬.৬৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৰাজ্যৰ ষষ্ঠখন অভিযান্ত্ৰিক মহাবিদ্যালয় ‘গোলাঘাটত অভিযান্ত্ৰিক মহাবিদ্যলয়’ উদ্বোধন কৰিবলৈ যোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সন্মুখীন হয় অভাৱনীয় পৰিস্থিতিৰ। মুখ্য মন্ত্ৰীৰ সভা চলি থকাৰ সময়তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ কৰা আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ কৰ্মী-সদস্যই কাৰ্য্যসূচীস্থলীতে প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন শ্ল’গান দিয়াৰ লগতে আৰক্ষীয়ে ব্যৱস্থা কৰা বেৰিকেড অতিক্ৰম কৰাৰ চেষ্টা কৰে প্ৰতিবাদকাৰীসকলে।
প্ৰশাসনে নিৰাপত্তাৰ কটকটীয়া ব্যৱস্থা কৰিছিল যদিও এই অভাৱনীয় পৰিস্থিতিটোৱে মুখ্য মন্ত্ৰী সোণোৱালক যথেষ্ট বিব্ৰত কৰা দেখা গ’ল।
ইপিনে আছুৱে মুখ্য মন্ত্ৰী সোণোৱালক ক’লা পতাকা দেখুৱাবলৈ লয় কিছু ব্যতিক্ৰম পথ। নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ শেনচকুৰ বাবে মুখ্য মন্ত্ৰীৰ কাৰ্য্যসূচীৰ ওচৰ চাপিব নোৱৰা আছু কৰ্মীসকলে হাবিৰ মাজেৰে গৈ মুখ্য মন্ত্ৰীৰ কাৰ্য্যসূচীস্থলীৰ কাষ চাপে। ইয়াৰ পিছতে ক’লা গেছ বেলুনত ক’লা কাপোৰ বান্ধি মুখ্য মন্ত্ৰীৰ দিশত এৰি দিয়ে।
উল্লেখযোগ্য যে আজি মুখ্য মন্ত্ৰীক যাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত কোনেও ক’লা পতাকা প্ৰদৰ্শন কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনে আগতীয়াকৈ অত্যন্ত সতৰ্কতা অৱলম্বন কৰিছিল। কিন্তু ক’লা পতাকা প্ৰদৰ্শনেই নহয় কাৰ্য্যসূচীস্থলীতো আছুকে ধৰি অন্যান্য দল-সংগঠনৰ প্ৰত্যক্ষ প্ৰতিবাদৰ সন্মুখীন হয় মুখ্য মন্ত্ৰীজন।
আনহাতে জিলাখনৰ বগৰীজেঙত ১১০ বিঘা মাটিত স্থাপন কৰা অভিযান্ত্ৰিক মহাবিদ্যলয়খন উদ্বোধন কৰি মুখ্য মন্ত্ৰী সোণোৱালে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰৰ কৃতিত্বৰ খতিয়ান দাঙি ধৰে। তেওঁ নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত সৰ্বাধিক প্ৰকল্প কাৰ্যকৰী হোৱা বুলি দাবী কৰে।
সাংবাদিকে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্বন্ধে প্ৰশ্ন সুধিছিল যদিও সঠিক উত্তৰ নিদি এৰাই চলে মুখ্য মন্ত্ৰীজনে।