“এজনো বিদেশীক ৰখা নহ’ব বুলি কোৱা সোণোৱালে এতিয়া কয় ৫ লাখহে আহিব”, কিৰিপ চলিহা

সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰ নেতৃবৃন্দলৈ অনুৰোধ কিৰিপ চলিহাৰ

Kirip Chaliha

সংবাদমেলত প্ৰাক্তন সাংসদ কিৰিপ চলিহা। ২৭ ডিচেম্বৰত।

প্ৰাক্তন সাংসদ কিৰিপ চলিহাই আজি চৰকাৰে সংঘৰ্ষ সৃষ্টি কৰাৰ বাবে চলাই থকা চেষ্টা প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰ নেতৃবৃন্দক কৰযোৰে অনুৰোধ কৰিছে।

চলিহাই CAA-বিৰোধী আন্দোলনৰ পৃষ্ঠভূমিত অসমৰ পৰিস্থিতিক লৈ গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰে।

তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্য কৰি বহু কথা কয়। মুখ্য মন্ত্ৰীজনক সমালোচনা আৰু কটাক্ষ কৰে।

চলিহাই কয়, “কংগ্ৰেছৰ দিনত তেওঁ (সোণোৱালে) কৈছিল এজনো বিদেশীক ৰখা নহ’ব। এতিয়া আকৌ কয় ৫ লাখহে আহিব। তেওঁৰ অসমীয়া হৈ থকাৰ অধিকাৰ নাই”।

আন্দোলনৰ সময়ত চৰকাৰৰ স্থিতিক সমালোচনা কৰি গুৱাহাটী সমষ্টিটোৰ প্ৰাক্তন সাংসদজনৰ দাবী, হত্যা, অগ্নি সংযোগ এইবোৰ ঘটনা হোৱা নাছিল। তাৰ পাছতো কাৰফিউ দিয়া হৈছিল। ৩৫ বছৰৰ পাছত গুৱাহাটীত কাৰফিউ হৈছে। ৰাইজে হয়তো জনা নাছিল কাৰফিউ কি আছিল। কাৰফিউ নামানি ৰাইজ ওলাই আহিছিল লতাশিললৈ। কাৰফিউ দিম বুলি জাননীও ভালদৰে দিয়া নাছিল প্ৰশাসনে।

“এইবোৰ অৱস্থা কোনে কৰিলে? এসময়ত আন্দোলন কৰি মুখ্য মন্ত্ৰী হোৱাজনেই নহয় জানো? তেওঁৰ মুখখন চালেই বেয়া লাগে এতিয়া। আগৰ উজ্জ্বলতা তেওঁৰ মুখত নাই। তেওঁ মিঠা হাঁহি ঘূৰাই আনক, নিজৰ সৰলতা ঘূৰাই আনক”, সোণোৱালক তীব্ৰ কটাক্ষ চলিহাৰ।

আনহাতে চৰকাৰখন বা শাসক দলটো ৫গৰাকী চহিদৰ প্ৰতি সংবেদনশীল নোহোৱাৰ বাবে দুখ প্ৰকাশ কৰে প্ৰাক্তন সাংসদজনে।

“দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ চহিদ হ’ল তদন্ত ঘোষণা নকৰিলে। এই ৫জন চহিদৰ হত্যাকাৰীৰ বিচাৰ হ’ব নে নাই? কেনেকৈ মৃত্যু হ’ল তদন্ত কৰা হ’লনে?”

তেওঁ আকৌ কয়, “দশম শ্ৰেণীৰ ছাত্ৰজনে কাক প্ৰহাৰ কৰিছিল? কিয় লাঠীচালনা নকৰি, গ্ৰেপ্তাৰ নকৰি গুলীয়াই হত্যা কৰিলে?”

কোনোবাই থানাত এজাহাৰ দিছে নে নাই অৱগত নহয় বুলি জানিবলৈ দি চলিহাৰ প্ৰশ্ন “ভাৰতৰ আদালতত তেওঁলোকৰ মৃত্যুৰ জবাব বিচৰা হ’ব নে নাই?”

“মই ভাবো মৃতকৰ পৰিয়ালৰ লোকে উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিব লাগে। ময়ো কৰিব পাৰো, কিন্তু পৰিয়ালৰ লোকে কৰিলে বিষয়টোৰ গুৰুত্ব থাকে”, হাতীগাৱঁত আৰক্ষীৰ গুলীত নিহত ১৭ বছৰীয়া ছেম ষ্টেফ’ৰ্ড সন্দৰ্ভৰত চলিহাৰ মন্তব্য।

তেওঁ মহন্তৰ স্থিতিক সমৰ্থন কৰি কয়, “CAA আন্দোলনৰ আৰম্ভণিতেই অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মাত মাতিছিল। কিন্তু ৰাইজে অধিক গুৰুত্বসহকাৰে নল’লে। তেওঁ এসময়ত কৰা ভুলৰ বাবেই হয়তো ইমান গুৰুত্ব নাপালে।”

প্ৰফুল্ল কুমাৰ মহন্তৰ CAA বিৰোধী আন্দোলন কৰিবলৈ লতাশিললৈ যাবলৈ অধিকাৰ আছে নে নাই বুলিও তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

আনহাতে, অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰণৱজিৎ চলিহাৰ (শৃংখল চলিহাৰ দেউতাক) ঘৰত চৰকাৰী বাহিনীৰ তালাচী সন্দৰ্ভত কটাক্ষ কৰি কয়, “সৰ্বানন্দ সোণোৱালক ধন্যবাদ জনাইছো যে যিটো ঘৰত অসম আন্দোলনৰ প্ৰায়বোৰ নেতাই আশ্ৰয় লৈছিল, সেই ঘৰটোতে পুলিচ পঠাই তালাচী চলাইছে”।

তেওঁ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়েই CAA-এ অসমক হানি কৰিব বুলি স্বীকাৰ কৰা কথাটো উল্লেখ কৰে।

“এই চৰকাৰৰ মন্ত্ৰীসকলেও আগতে আন্দোলন কৰি আহিছিল। অসমৰ এই জনজাগৰণক সন্মান জনাই ৰাজ্যৰ ভৱিষ্যত বৃহত্তৰ স্বাৰ্থত আন্দোলনটোৰ উপশম ঘটাই কেবখন অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰিবলৈ আহ্বান জনাইছো”, চলিহাই কয়।

আঞ্চলিকতাবাদক আগৰ দৰে ৰাইজে বিশ্বাসত লৈ থকা নাই বুলি মন্তব্য কৰি প্ৰাক্তন সাংসদজনে কয়, “জাতীয়তাবাদৰ সেই জোৰ বা শক্তি আছে নে নাই মোৰ সন্দেহ হৈছে। অঞ্চলিকতাবাদী নায়কে বহুতে এতিয়া ৰাষ্ট্ৰীয় পোচাক পিন্ধিছে। জাতীয়তাবাদী নায়কে ৰাষ্ট্ৰীয়তাবাদী ধ্বজাত নিজকে সমৰ্পণ কৰিছে”।