কংগ্ৰেছক এতিয়া কামিহাড় ভগা দল আখ্যা মুখ্য মন্ত্ৰী সোণোৱালৰ

05-04-19 Demow- CM election campaigning (4)

ডিমৌত নিৰ্বাচনী সভাত ভাষণ দিয়াৰ মুহূৰ্তত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো: য়ু বি

ৰাইজৰ কাষলৈ যাবলৈ সাহস কৰিব নোৱাৰা কংগ্ৰেছ এতিয়া কামিহাড় ভগা দল। শুকুৰবাৰে ডিমৌ ৰাজহুৱা খেলপথাৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১২ নং যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক এইদৰে আক্ৰমণৰ লক্ষ্য কৰি লয়।

মুখ্য মন্ত্ৰী সোণোৱালে বিশাল জনসভাক সম্বোধন কৰি কয় যে কংগ্ৰেছ প্ৰতাৰক আৰু প্ৰৱঞ্চনাৰ দল। দেশত দুৰ্নীতিক বিকশাই তোলাই হৈছে কংগ্ৰেছৰ একমাত্ৰ কাম। স্বাধীনোত্তৰ ভাৰতৰ ৫৫ টা বছৰ কংগ্ৰেছ দলে দুৰ্নীতি কৰি, বংশানুক্ৰমিক ৰাজনীতি কৰিয়েই শাসন চলাই সৰ্বসাধাৰণ ৰাইজক লুটি-পতি খালে।

কংগ্ৰেছে দেশৰ উন্নয়নত স্থবিৰতা আনে বুলি অভিযোগ তুলি সোণোৱালে কয় যে ৫৫ বছৰ দেশৰ শাসনত থকা কংগ্ৰেছ দলে অসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে মাত্ৰ ৬খন মেডিকেল কলেজ স্থাপন কৰিলে। কিন্তু বিজেপি দলে অসমত মাত্ৰ দুবছৰ আৰু দহ মাহৰ শাসনত  ধুবুৰী, কোকৰাঝাৰ, নলবাৰী, উত্তৰ লখিমপুৰ, নগাঁও, ডিফু, কৰিমগঞ্জ আৰু তিনিচুকীয়াত আঠখন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰিলে।

বিজেপিয়ে প্ৰথমবাৰলৈ গুৱাহাটীত এইমছ স্থাপন কৰা বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সোণোৱালে মানৱ সম্পদ বিকাশৰ বাবে ৩৩ খন পলিটেকনিক, দহখনতকৈ অধিক ইঞ্জিনিয়াৰিং কলেজো স্থাপন কৰাৰ কথা সদৰী কৰে।

আনহাতে, যোৰহাট লোকসভা সমষ্টিত তপন গগৈৰ বিজয় নিশ্চিত বুলি দাবী কৰি মুখ্য মন্ত্ৰী সোণোৱালে থাওৰা সমষ্টিৰ ৰাইজক তপন কুমাৰ গগৈক বিপুল ভোটত বিজয়ী কৰাবলৈ আহ্বান জনায়।

বিজয় সংকল্প সভাখনত যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে সদৰী কৰি আগন্তুক দিনত যোৰহাট লোকসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে তেওঁক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়।