নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত মুখ্য মন্ত্ৰী সোণোৱাল মৌন নহয়, স্পষ্ট সমৰ্থক : বিজেপি বিধায়ক অতুল বৰা

নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ বাবে সৰ্বনাশী : অতুল বৰা

atul bora

অতুল বৰাৰ ফাইল ছবি।

বিতৰ্কিত তথা অসমৰ জনসাধাৰণৰ শংকাজড়িত নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত বহুতে ভবাৰ দৰে মৌন নহয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিধয়েকখনৰ স্পষ্ট সমৰ্থক সোণোৱাল। এই দাবী দিচপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক অতুল বৰাৰ। ৩০ ডিচেম্বৰত এখন সংবাদমেলৰ জৰিয়তে ভালেমান দিনৰ মূৰত মুখ খুলি বিধায়কজনে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ মত দাঙি ধৰে।

‘মুখ্য মন্ত্ৰী মৌন নহয়, তেওঁ মাজুলীত বহা কেবিনেটতেই বিধেয়কখন সন্দৰ্ভত স্থিতি স্পষ্ট কৰি থৈছে। মুখ্য মন্ত্ৰীয়ে বিধেয়কক সমৰ্থন জনাইছে।’ বৰাৰ মন্তব্য।

উল্লেখযোগ্য যে বিধেয়কখন সন্দৰ্ভত মুখ্য মন্ত্ৰী কিয় মৌন বুলি প্ৰশ্ন তুলি জাতীয় দল-সংগঠনবোৰে ‘মুখ্য মন্ত্ৰীয়ে স্থিতি স্পষ্ট কৰক’ বুলি মাজে মাজে দাবী তুলি আহিছে। এই কথাকে আঙুলিয়াই দি বিধায়কজনে কয়।

আনহাতে মুখ্য মন্ত্ৰীয়েও ‘সময়ত স্থিতি প্ৰকাশ কৰা হ’ব’ বুলি আভুৱা ভাঁৰি আহিছে ৰাজ্যৰ জনগণক। মুখ্য মন্ত্ৰীৰ জনপ্ৰিয় ডায়েলগটো হ’ল- ‘চৰকাৰ সদায়ে জনসাধাৰণৰ লগত আছে। জনসাধাৰণ ক্ষতি হ’ব পৰা কাম চৰকাৰে নকৰে’। বুলি কৌশলী মন্তব্য কৰি আহিছে।

আনহাতে পূৰ্বৰ স্থিতি অটুট ৰাখি বিধায়কজনে বিধেয়কখনক ‘অসমৰ বাবে সৰ্বনাশী’ বুলি দাবী কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে অসমৰ ডাঙৰ ক্ষতি হ’ব বুলি তেওঁ স্পষ্ট কৰে।

অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভতো মন্তব্য কৰে বিধায়কজনে। অতুল বৰাৰ মতে অগপ-বিজেপিৰ মিত্ৰতা লোকসভাৰ নিৰ্বাচনতো অব্যাহত থাকিব। ‘অগপক ৩-৪খন আসন এৰি দিব পাৰে বিজেপিয়ে।’ বৰাই কয়।