NORTHEAST NOW (Assamese)

জি এম চি এইচত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্য মন্ত্ৰী সোণোৱালে

November 5, 2020 4:58 pm · এন ই নাও নিউজ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত উপস্থিত হৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয়।

চিকিৎসালয়ত উপস্থিত হৈ সোণোৱালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁৰ আশু আৰোগ্য কামনা কৰে।

‘‘প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ মোৰ বাবে পিতৃতুল্য আৰু এগৰাকী পুত্ৰ হিচাপে আজি চিকিৎসালয়ত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লও। জেষ্ঠ চিকিৎসক সকলে তেওঁক সম্পুৰ্ণ নিৰীক্ষণত ৰাখিছে আৰু ক্ৰমান্বয়ে তেওঁ সুস্থ হৈ উঠিছে,’’ মুখ্য মন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে জি এম চি এইচৰ চিকিৎসক সকলৰো শলাগ লয় বুলি সোণোৱালে লগতে কয়।

মুখ্য মন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ো তৰুণ গগৈক সাক্ষাতৰ সময়ত সৰ্বানন্দ সোণোৱালক সংগ প্ৰদান কৰে।

Related News