ভূমি কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতা; মূল বিষয় তল পেলাবলৈ কি কৰিলে মুখ্যমন্ত্ৰীয়ে?

শাসক-বিৰোধীৰ বাকযুদ্ধত উত্তাল বিধানসভাৰ মজিয়া।

তেনেতে চতুৰ মুখ্যমন্ত্ৰীৰ এক চাতুৰ্যতা।

ইচ্ছু ডাইভাৰ্টটো যেন তেওঁৰ বাবে হাতেৰে টিলিকি বজোৱা লেখীয়া কথা।

মূল কাহিনী বাখ্যা কৰাৰ পূৰ্বে উল্লেখ কৰি ল’ব বিচাৰিছো বিধানসভাৰ মজিয়াৰ ভিতৰৰ কথা। শীতকালীন অধিৱেশনৰ আজি প্ৰথম দিন।

৫ দিনীয়া কাৰ্য্যসূচীৰে হ’বলগীয়া বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতে বিৰোধী কংগ্ৰেছে সভা ভংগৰ প্ৰস্তাৱ আনি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ প্ৰসংগ সবিস্তাৰে আলোচনা কৰিব বিচাৰিছিল। কিন্তু কোনোপধ্যেই এই কথা মানি নল’লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

ভূমি কেলেংকাৰীৰ প্ৰসংগ বিধানসভাৰ মজিয়াত আলোচনা কৰাটো আইনৰ গণ্ডীৰ বাহিৰৰ বুলি কোৱাৰ লগতে অনুমতিও নিদিলে বিষয়টো আলোচনাৰ ক্ষেত্ৰত। যাৰ পৰিণতিত প্ৰথমে ১০ মিনিটৰ বাবে সভা স্থগিত ৰাখিলে বিধানসভাৰ অধ্যক্ষই।

সদন আৰম্ভ হোৱাৰ পাছতো মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীক লৈ সৰৱ হৈ সদন ত্যাগ বিৰোধী কংগ্ৰেছ, AIUDF, চিপিআইএমৰ লগতে নিৰ্দলীয় বিধায়ক অখিল গগৈয়ে।

এতিয়া আহিছো মূল কাহিনীলৈ। এইখিনিতে উল্লেখ কৰিব লাগিব যে বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে সদনত উপস্থিত নাছিল স্বয়ং মুখ্যমন্ত্ৰী।

কিন্তু নিজৰ কাৰ্য্যালয়ত উপস্থিত আছিল ড০ হিমন্ত বিশ্ব শৰ্মা।

প্ৰতিবেদনখনৰ আৰম্ভণিতে আমি উল্লেখ কৰিছিলো চতুৰ মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতাৰ প্ৰসংগ। সেই কথা ধৰা পৰিল মুখ্যমন্ত্ৰীৰ কাণ্ডতে। মুখ্যমন্ত্ৰীৰ অনুপস্থিতিতে তেওঁৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰে সদন উত্তাল, সদন ত্যাগ বিৰোধীৰ। কিন্তু সেই কথাই স্থান নাপালে অসমৰ মূল সূঁতিৰ টেলিভিছন চেনেলত।

সেই সমূহত বিগ ব্ৰেকিঙৰ স্থান পালে মুখ্যমন্ত্ৰীয়ে গামোছা পিন্ধাই বিজেপিলৈ আদৰিলে কংগ্ৰেছী বিধায়ক শশীকান্ত দাসক।

এয়াও যেন মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতাৰ এক অংশ বুলি ক’ব পাৰি। মূল ইচ্ছুৰ পৰা জনসাধাৰণক আঁতৰাই ৰখাত পাকৈত মুখ্যমন্ত্ৰীৰ অসম বিধানসভাৰ ভিতৰত থকা চৰকাৰী কাৰ্য্যালয়লৈ হাতত কেমেৰা বুম লৈ দৌৰি গ’ল সাংবাদিকৰ এটা দল। কিয়নো মুখ্যমন্ত্ৰীৰ ভৰি চুই সেৱা ল’লে ৰহা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাসে।

কেৱল ভৰি চুৱই নহয়, মুখ্যমন্ত্ৰীক গামোছা পিন্ধোৱাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰীয়ে নিজে গামোছা পিন্ধালে শশীকান্ত দাসে।

পিছে ৰ’ব মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতাৰে ভৰপূৰ নাটকৰ যৱনিকা ইয়াতে অন্ত পৰা নাই।

মুখ্যমন্ত্ৰীৰ মতে বিধায়কগৰাকীয়ে বিজেপিত যোগদান কৰিলে যদিও কংগ্ৰেছত থাকি বিজেপিৰ সৈতে কাম কৰি যাব বিধায়ক শশীকান্তই।

ইতিমধ্যে, বিধায়ক শশী কান্ত দাসক কংগ্ৰেছ দলে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

মুঠৰ ওপৰত সাধাৰণ ৰাইজক বিবুধিত ৰাখি মূল ইচছুৰ পৰা ৰাইজক বিৰত ৰখাটোৱেই যেন মূল কৰ্তব্যত পৰিণত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

ইপিনে, সদনত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ দৰে বিষয়টো গাপ দিয়াবলৈকে বেলেগ এটা ইচ্ছু অনা বুলি দাবী চামগুৰি সমষ্টিৰ বিধায়ক তথা বিৰোধী উপ দলপতি ৰকিবুল হুছেইনৰ।

ৰকিবুল হুছেইনেও জানে সংবাদ মাধ্যমে পৰিৱেশন নকৰে এই বাতৰি।

ৰকিবুল হুছেইন দেৱৰ জ্ঞাতাৰ্থে জনাই থওঁ শাসক-বিৰোধী সকলোৰে ভাষ্য বা দুৰ্নীতি-কেলেংকাৰীৰ বিৰুদ্ধে সদা সৰৱ হৈ আহিছে নৰ্থ ইষ্ট নাও। পূৰ্বলৈয়ো সকলোৰে ভাষ্য নিৰপেক্ষতাৰে পৰিৱেশন কৰি যাব নৰ্থ ইষ্ট নাওৱে।