মুখ্যমন্ত্ৰীৰ পৰিয়াল নামিছে ভূমি দখলত! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ

Himanta Biswa Sarma

অসমৰ ৰাজনৈতিক ইতিহাসত এটা নজিৰবিহীন ঘটনা সংঘটিত হৈছে। মুখ্যমন্ত্ৰীৰ পৰিয়াল নামিছে ভূমি দখলত। — এই অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই।

আজি গুৱাহাটী ইণ্ডিয়া ক্লাবত বিশেষ বৈঠকত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই The Wire ত প্ৰকাশ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি দখলৰ কাহিনী ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতি গৰাকীয়ে।

তেওঁ কয় “RBS Realators নামিছে ভূমি দখলত।মুখ্যমন্ত্ৰীয়ে চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ বাবে পদক্ষেপ হাতত লৈছে। তেনে সময়তে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালেই আইন বৰ্হিভূত ভাৱে ভূমি দখলত নামি পৰিছে।

হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ভূপেন বৰাই কয়, “সাহস আছে যদি মুখ্যমন্ত্ৰীয়ে The Wire ৰ বিৰূদ্ধে মানহানী গোচৰ তৰি দেখুৱাওক। কিষাণ মৰ্চাৰ উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্যও চৰকাৰী ভূমি দখলত অভিযুক্ত।”

“বঙৰাত Real Tea Estate ৰ ৬.৯২ একৰ মাটি আছে। সেই মাটি ভূমিহীন লোকৰ হাতত আছিল। চিলিং আইন ভৰিৰে মোহাৰি সেই ভূমি ক্ৰয় কৰিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালে”- এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ভূপেন বৰাই।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয়, “চিলিং আইন অনুসৰি ১০ বছৰ পৰ্যন্ত ভূমি বিক্ৰী কৰিব নোৱাৰে। কিন্ত মুখ্যমন্ত্ৰী পৰিয়ালে চিলিং আইন মোহাৰি ৪/৫ মাহতেই সেই ভূমি ক্ৰয় কৰিছে। অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজক মুখ্যমন্ত্ৰীয়ে।”