মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে পশ্চিমবংগৰ বলপুৰস্থিত শান্তি নিকেতনত উপস্থিত হৈ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ উপৰি বিভাগটোৰ বিভিন্ন দিশ সম্পৰ্কত সংস্কৃত, পালি আৰু প্ৰাকৃত বিভাগৰ মূৰব্বী অধ্যাপক তথা ‘ভাষা ভাৱনা’ৰ অধ্যক্ষ প্ৰফেচাৰ নৰোত্তম সেনাপতি আৰু বিশ্ববিদ্যালয়খনৰ অসমীয়া ভাষা বিভাগৰ ভাৰপ্ৰাপ্ত মূৰব্বী তথা সহকাৰী অধ্যাপক সংগীতা শইকীয়াৰ লগতো আলোচনাত মিলিত হয়।
মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ ভাষা ভৱনত থকা অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ সময়ত কয় যে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ সৈতে ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত অসমৰ পূৰ্বৰে পৰা গভীৰ সম্পৰ্ক আছে বুলি কয়।
এই সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ অসম চৰকাৰে পদক্ষেপ লৈছে বুলি উল্লেখ কৰি গোস্বামীয়ে অসম ভৱনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পূৰ্ণায়াৱব প্ৰতিমূৰ্তি স্থাপনৰ বিষয়টো উল্লেখ কৰি মিডিয়া উপদেষ্টা গৰাকীয়ে কয় যে এইগৰাকী মহান সাহিত্যিকে নিজৰ সাহিত্য সম্ভাৰৰে অসমৰ সৈতে পশ্চিমবংগ আৰু ওড়িশাৰ সম্পৰ্ক সুদৃঢ়ি কৰি তুলিছিল। আমাৰ মহান পুৰুষসকলৰ আদৰ্শ আৰু কৰ্মৰাজি প্ৰসাৰৰ ক্ষেত্ৰটো নতুন প্ৰজন্মই গুৰু দায়িত্ব বহন কৰিব লাগিব বুলি মুখ্য মন্ত্ৰীৰ উপদেষ্টা গৰাকীয়ে লগতে কয়।
আনহাতে, প্ৰফেচাৰ নৰোত্তম সেনাপতিৰ সৈতে হোৱা আলোচনাৰ সময়ত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে অসমীয়া বিভাগটোৰ মাধ্যমৰে অসমীয়া ভাষাৰ অধিক প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা হ’ব বুলিও তেওঁ কয়।