• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধুমুহাৰ তাণ্ডৱ! অটোৰে কলেজলৈ গৈ থকা অৱস্থাত মৰিগাঁৱত গছ পৰি ছাত্ৰৰ মৰ্মান্তিক মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2024 12:11 pm
28k
VIEWS
Share on FacebookShare on Twitter

ঘূৰ্ণী বতাহ ৰেমালৰ প্ৰভাৱত ৰাজ্যজুৰি অব্যাহত আছে প্ৰচণ্ড ধুমুহা-বৰষুণ।  সোমবাৰে নিশাৰে পৰা ৰাজ্যখনত বতাহ-বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে। তাৰ মাজতে মৰিগাঁৱত মঙলবাৰে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

মৰিগাঁৱত পুৱা কলেজলৈ গৈ থকা অৱস্থাত ধুমুহাৰ ফলত এডাল গছ বাগৰি পৰি এজন ছাত্ৰৰ মৃত্যু ঘটে।

বাতৰি অনুসৰি, ছাত্ৰজন এখন অট’ৰে কলেজলৈ গৈ থকা অৱস্থাত মৰিগাঁৱৰ দীঘলবড়িত পথৰ মাজতে অট’ৰ ওপৰত এডাল গছ বাগৰি পৰাত ছাত্ৰজনৰ থিতাতে মৃত্যু হয়। মৃত ছাত্ৰজন গুৰুকুল মহাবিদ্যালয়ৰ কৌশিক আমফি বুলি চিনাক্ত কৰা হৈছে। মৃত কৌশিক আমফি ধূপগুৰিৰ বাসিন্দা। আনহাতে, অট’খনত থকা ববী পাটৰ নামৰ শিক্ষয়ত্ৰীগৰাকী গুৰুতভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

ইপিনে, প্ৰচণ্ড ধুমুহা-বৰষুণৰ বাবে শিক্ষাৰ্থীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও আৰু নগাঁও জিলাত প্ৰশাসনে সকলো চৰকাৰী তথা ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে। জিলা দুখনৰ আয়ুক্তই আজি এক নিৰ্দেশনা যোগে শিক্ষানুষ্ঠানসমূহ বন্ধৰ ৰখাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীতো বহু কেইখন বিদ্য়ালয়ৰ কৰ্তৃপক্ষই বিদ্যালয় বন্ধৰ কথা ঘোষণা কৰিছে। গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়, এছেন্ট একাডেমী, ডনবস্কো, হলী চাইল্ড, আনন্দ একেডেমী আৰু কটন কলেজিয়েট স্কুলতো বন্ধ ঘোষণা কৰা হৈছে।

Recent News

কাজিৰঙাত মহিলা বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ

কাজিৰঙাত মহিলা বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ

অৰুণাচলৰ লাজুস্থিত অসম ৰাইফলছৰ শিবিৰত আক্ৰমণ আলফা(স্বা) আৰু এনএছচিএনৰ

অৰুণাচলৰ লাজুস্থিত অসম ৰাইফলছৰ শিবিৰত আক্ৰমণ আলফা(স্বা) আৰু এনএছচিএনৰ

মন্দিৰৰ গৰ্ভগৃহত বলপূৰ্বক প্ৰৱেশ! বিজেপিৰ দুই প্ৰভাৱশালী সাংসদৰ বিৰুদ্ধে ৰুজু গোচৰ

মন্দিৰৰ গৰ্ভগৃহত বলপূৰ্বক প্ৰৱেশ! বিজেপিৰ দুই প্ৰভাৱশালী সাংসদৰ বিৰুদ্ধে ৰুজু গোচৰ

হাফলং : স্থানীয় লোকৰ পৰা ৬০ লাখ টকা লুটি পলায়নৰ চেষ্টা মহিলাৰ

হাফলং : স্থানীয় লোকৰ পৰা ৬০ লাখ টকা লুটি পলায়নৰ চেষ্টা মহিলাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd