প্ৰথমে যুৱতীগৰাকীক গুলীচালনা, পাছত আত্মহত্যা যুৱকজনৰ। উত্তৰ প্ৰদেশৰ সম্ভল জিলাৰ আছমোলীত শনিবাৰে সংঘটিত হয় এই ঘটনা। এই ঘটনাৰ বাবেই যুৱতীগৰাকী গুৰুতৰভাৱে আহত হয়। বৰ্তমান তেওঁ সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত যুৱকজনৰ নাম গৌৰৱ (২৫)। তেওঁ আমৰোহাৰ বাসিন্দা। আহত ছোৱালীজনী অঞ্চলটোৰ এখন কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। শনিবাৰে যুৱতীগৰাকীক লগ কৰিবলৈ গৌৰৱে ফোন কৰিছিল। ছাত্ৰীগৰাকীয়ে নিৰ্দিষ্ট স্থান পোৱাৰ লগে লগে যুৱকজনে তাইৰ ওপৰত গুলীচালনা কৰে। কেৱল সেয়াই নহয়, তাৰ পাছত তেওঁ নিজকে গুলীয়াই হত্যা কৰে।
আহত কিশোৰীগৰাকীৰ মাতৃয়ে জনোৱা মতে, শনিবাৰে দিনৰ ১ বজাৰ ভিতৰত কন্যা ঘৰলৈ উভতি অহাৰ কথা আছিল। কিন্তু ছোৱালীজনী দুপৰীয়াৰ পাছতো ঘৰলৈ উভতি নাহিল। অলপ পাছতে মাতৃগৰাকীয়ে জীয়েকক গুলীয়াই হত্যা কৰাৰ খবৰ পালে। খবৰটো পোৱাৰ লগে লগে তেওঁলোকে লৰালৰিকৈ চিকিৎসালয়লৈ গ’ল।
সংবাদ সংস্থা পিটিআইৰ মতে, গুলীটোৱে ছোৱালীজনীক চুই পাৰ হৈ গৈছে। উদ্ধাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। এতিয়াও তাত যুৱতীগৰাকী চিকিৎসাধীন হৈ আছে। আৰক্ষী অধীক্ষক কৃষ্ণকুমাৰ বিষ্ণৌয়ে কয় যে যুৱতীগৰাকীৰ ওপৰত যুৱকজনে কিয় গুলীচালনা কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এটা পিষ্টল আৰু দুটা কাৰ্টিজ। ফৰেনছিক বিশেষজ্ঞৰ এটা দলে সেই স্থানত উপস্থিত হৈ প্ৰমাণ সংগ্ৰহ কৰে। যুৱকজনে ক’ৰ পৰা আগ্নেয়াস্ত্ৰ পালে তদন্তও অব্যাহত ৰাখিছে আৰক্ষীয়ে।