দুৰ্ঘটনাই লৈ যোৱা ডাঃ গাৰোডিয়া, পত্নীলৈ শ্ৰদ্ধাঞ্জলী শিৱসাগৰ অসামৰিক চিকিৎসালয়ত, মুকলি প্ৰাচীৰ পত্ৰিকা

Colleagues at Sivasagar civil hospital pay tribute to doctor, wife killed in road accident

সুখৰ দিনত দুই সন্তানৰ সৈতে গাৰোডিয়া দম্পতি। ফাইল ছবি।

দহ দিন পূৰ্বে এক পথ দুৰ্ঘটনাই অকালতে কাঢ়ি নিয়া ডাঃ সুমিত গাৰোডিয়া আৰু নন্দিনী গাৰোডিয়াৰ আত্মাৰ সদগতি কামনাৰে মঙলবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এক ধৰ্মীয় অনুষ্ঠান আয়োজন কৰে চিকিৎসকজনৰ সহকৰ্মীসকলে।

ধৰ্মীয় অনুষ্ঠানৰ লগতে গাৰোডিয়া দম্পতিৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে চিকিৎসালয়খনত “সুমিতাভ্ৰ” নামৰ এখন প্ৰাচীৰ পত্ৰিকাও উন্মোচন কৰা হয়। পত্ৰিকাখন উন্মোচন কৰে স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব তথা শিৱসাগৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত নাৰায়ণ কোঁৱৰে।

দুবছৰ পূৰ্বে চিকিৎসালয়খনত যোগ দিয়া গাৰোডিয়াৰ “সু চিকিৎসক”ৰূপে থকা জনপ্ৰিয়তাৰ উল্লেখ কৰি তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে অসম চিকিৎসা সেৱা সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ডাঃ ৰূপম বৰকাকতিয়ে।

“সুমিতে মাত্ৰ দুটা বছৰ পূৰ্বে এই চিকিৎসালয়ত যোগদান কৰিছিল। তেওঁ কৰ্মনিষ্ঠা, সততা, মানৱতাবোধ, মৰমিয়াল মাতৰ জৰিয়তে কম সময়ৰ ভিতৰত চিকিৎসালয়খনৰ ডাক্তৰ আৰু কৰ্মচাৰীসকলৰ লগতে ৰোগী আৰু অভিভাৱকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। এনে এজন সুদক্ষ চিকিৎসক অকালতে হেৰুৱাই আমি মৰ্মাহত হৈছো,” বৰকাকতিয়ে কয়।

গাৰোডিয়া দম্পতিৰ দুয়ো পুত্ৰ বৰ্তমান সম্পূৰ্ণ সুস্থ বুলিও জানিবলৈ দিয়ে বৰকাকতিয়ে।

চিকিৎসালয়ৰ চিকিৎসক-কৰ্মচাৰীৰ সৌজন্যত অসম চিকিৎসা সেৱা সন্থাৰ শিৱসাগৰ গোটৰ সহযোগত আয়োজিত নাম-প্ৰসংগৰ অনুষ্ঠানটোত দম্পতিহাললৈ বিভিন্নজনে শ্ৰদ্ধাঞ্জলী তৰ্পণ কৰে।

অনুষ্ঠানটোত শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰিপুণ বৰপূজাৰী, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰাজীৱ বৰুৱা, অসম চিকিৎসা সেৱা সন্থা (আমছা)ৰ সহকাৰী সাধাৰণ সম্পাদক ডাঃ ৰূপম বৰকাকতি, চিকিৎসালয়খনৰ গাণনিক মিন্তু দাস, ফাৰ্মাচিষ্ট শিৱদোতন নাথৰ লগতে সমূহ চিকিৎসক, নাৰ্চ আৰু কৰ্মচাৰী উপস্থিত থাকে।

যোৱা ২৬ এ’প্ৰিলত বুঢ়া পাহাৰৰ নহৰুবস্তিত সংঘটিত এক পথ দুৰ্ঘটনাত গাৰোডিয়া দম্পতীয়ে থিতাতে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছিল তেওঁলোকৰ কণমানি দুই পুত্ৰ।