দিখৌ নদীৰ বৰণ সলোৱা পানীৰ ৰহস্য উদ্ঘাটনত নামিল প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড

আজি দিখৌ নদীৰ পানীৰ নমুনা সংগ্ৰহ কৰিলে শিৱসাগৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে।

সেই পানী শিৱসাগৰৰ গৱেষণাগাৰত পৰীক্ষা কৰাৰ লগতে গুৱাহাটীলৈও পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে শিৱসাগৰ প্ৰদূষণ বোৰ্ডৰ এগৰাকী বিষয়াই।

প্ৰাথমিক পৰীক্ষা হিচাবে আজি ডিজলভড অক্সিজেন টেষ্ট কৰা হয় আৰু এই পৰীক্ষাত দিখৌ নদীৰ পানী স্বাভাৱিক পৰ্যায়ত আছে বুলি জনা যায়।

বিষয়াগৰাকীয়ে কয় এয়া দিখৌ নদীৰ পানীৰ ওপৰত পৰা শেলুৱৈ বুলি কয় বিষয়া গৰাকীয়ে।

এইসময়ত এই শেলুৱৈবিলাক বাঢ়ি যায় বা ফুলি যায় আৰু ইয়াৰ ৰং নীলা বা সেউজীয়া হয়। সেইবাবে নদীৰ পানী নীলা আৰু সেউজীয়া বৰণ হৈছে বুলি ধাৰণা কৰা হৈছে।

ইপিনে দিখৌ নদীত মাছৰ অস্বাভাৱিক মৃত্যুৰ বিষয়ত তেওঁ কয় যে এই শেলুৱৈবোৰ বাঢ়ি যোৱাত বা ফুলি যোৱাৰ ফলত কিছুমান ৰেণু ওলায় আৰু এই ৰেণু বিলাক মাছৰ বাবে বিষাক্ত।

এই ৰেণু খালে মাছ মৰে। সেইবাবে যোৱা কিছুদিন ধৰি দিখৌ নদীৰ মাছ অস্বাভাৱিক ভাৱে মৰিছে বুলি কয় বিষয়া গৰাকীয়ে মন্তব্য কৰে।