NORTHEAST NOW (Assamese)

নগাঁৱৰ পুৰণিগুদাম মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা

February 18, 2020 7:40 pm · ভাৰ্গব হাজৰিকা
Updated: February 18, 2020 7:42 pm
পুৰণিগুদাম মহাবিদ্যালয়ৰ শোভাযাত্ৰাৰ দৃশ্য, ফ'টো, ভাৰ্গৱ হাজৰিকা

অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ডৰ দৃশ্যপট উপস্থাপনেৰে নগাঁও জিলাৰ পুৰণিগুদামত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।

নগাঁৱৰ পুৰণিগুদামৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান পুৰণিগুদাম ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ উপলক্ষে উলিওৱা হয় এই বিশাল সাংস্কৃতিক শোভাযাত্ৰা।

অসমৰ বিভিন্ন লোক-সংস্কৃতি আৰু গ্ৰামাঞ্চলৰ জীৱন ধাৰাৰ জীৱন্ত প্ৰতিচ্ছবি, অসমীয়া কৃষ্টি-সংস্কৃতিৰ লগতে কাৰ্বি আংলঙত মৃত্যু হোৱা অভিজিৎ-নিলোৎপলৰ মৃত্যুৰ ঘটনা উপস্থাপন কৰা এই শোভাযাত্ৰাই পুৰণিগুদামবাসীক মন্ত্ৰমূগ্ধ কৰি তোলে।

ৰাজ্যখনৰ জটিল সন্ধিক্ষণৰ লগতে পৰীক্ষাৰ মাজতে আয়োজন কৰা মহাবিদ্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰাত সদল বলে সহযোগ কৰে শিক্ষাৰ্থীসকলে।

আনহাতে মহাবিদ্যালয়খনৰ প্ৰতিটো বিভাগে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰাত গ্ৰাম্য পৰিবেশৰ লগতে বিভিন্ন বিষয় উপস্থাপনেৰে অনুষ্ঠিত হোৱাত সাংস্কৃতিক শোভাযাত্ৰাত মনোবিজ্ঞান বিভাগে প্ৰথম স্থান, অসমীয়া বিভাগে দ্বিতীয় স্থান আৰু ভূগোল বিভাগে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

Related News