ভাৰতৰ ষ্টেন্ড-আপ কমেডী জগতৰ পৰিচিত নাম সময় ৰাইনাৰ ইণ্ডিয়াজ গট লেটেণ্টৰ বিৰ্তক মাৰ নৌ যাওতেই প্ৰেক্ষাপটত কমেডিয়ান মধুৰ বিৰলী। শেহতীয়াকৈ বিৰলীৰ ইউটিউব চেনেল “Madhur Virli-RAW”ৰ জনপ্ৰিয় অনুষ্ঠান ‘MADHUR MODEL’ৰ ১৪ নম্বৰ এপিছডত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক লৈ এক বিশেষ মন্তব্য কৰা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, মধুৰ বিৰলীৰ এই অনুষ্ঠান আমেৰিকান লাইভ পডকাষ্ট ষ্টেণ্ড-আপ কমেডী ভেৰাইটি শ্ব’ ‘কিল টনী’ৰ দ্বাৰা অনুপ্ৰাণিত। কমেডিয়ান টনি হিঞ্চক্লিফে নিৰ্মাণ কৰা শ্ব’টো বিশ্বজুৰি সমাদৃত।
শেহতীয়াকৈ বিৰলীয়ে আপলোড কৰা ভিডিঅ’টোত অতিথি হিচাপে উপস্থিত আছিল কমেডিয়ান ছিৰাগ পঞ্জৱানী। ২ ঘণ্টা ৪১ ছেকেণ্ডৰ ভিডিঅ’টোত দ্বিতীয় প্ৰতিযোগী কাশ্বনী বাথলাক মধুৰ বিৰলীয়ে সোধা এটা প্ৰশ্নক লৈ এই বিতৰ্কৰ উদ্ভৱ হৈছে। মধুৰে বাথলাক প্ৰশ্ন কৰে যে, ‘মাইকেল জৰ্দান, ভেগাছ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীৰ মাজত সাদৃশ্য কি?’(ভিডিঅ’ত এই ফুটেজ দেখাৰ সময় ১ ঘণ্টা ১৭ মিনিট ৬ ছেকেণ্ডৰ পৰা ১ ঘণ্টা ১৭ মিনিট ৫৫ ছেকেণ্ড)। ইয়াৰ উত্তৰত দৰ্শকৰ মাজৰ পৰা কোনোৱে ‘যৌনকৰ্মী’ বুলি কয় যদিও মধুৰে “Gambling বা জুৱা” বুলি উল্লেখ কৰাৰ লগতে উত্তৰ-পূবৰ যুৱতীয়ে গোৱাত জুৱা খেলোৱাই বুলিও উল্লেখ কৰে।
কিন্তু যিটো সময়ত, উত্তৰ-পূব ভাৰতৰ যুৱতীয়ে ক্ৰীড়া, মডেলিং, আৰু অন্যান্য ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে সেই সময়ত এনে মন্তব্যই সমগ্ৰ অঞ্চলটোৰ প্ৰতি বিৰলীৰ মনোভাৱ সচাঁই গৰিহণাৰ যোগ্য।
স্মৰ্তব্য যে, ক্ৰীড়াক্ষেত্ৰত ‘ধিং এক্সপ্ৰেছ’ নামেৰে পৰিচিত হিমা দাসৰ দৰে প্ৰতিভাই ২০১৮ চনৰ বিশ্ব ২০ বছৰ অনুৰ্ধৰ ৪০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰাৰ বিপৰীতে মণিপুৰৰ ভাৰাত্তোলক মিৰাবাই চানু আৰু অসমৰ লাভলীনা বৰগোহাঁইৰ দৰে বক্সাৰে অলিম্পিকৰ পদক লাভ কৰিছে। তদুপৰি মডেলিঙত অসমৰ জাণ্টী হাজৰিকা আৰু মণিপুৰৰ ৰাজশ্ৰী সিংহৰ দৰে যুৱতীয়ে গ্লেমাৰ উদ্যোগত ‘India’s Next Top Model’ত প্ৰতিদ্বন্দ্বিতা কৰিছে। এইবোৰৰ বাহিৰেও বহুতে নিজৰ ক্ষেত্ৰত সকলোৰে সমাদৰ বুটলিছে, তেনে এটা সময়ত সকলোৱে একেমুখে বিৰলীৰ এই মানসিকতাক নিন্দা কৰাৰ লগতে বিহীত ব্যৱস্থা ল’বলৈ আৰক্ষীক আহ্বান জনাইছে।