মোদী চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ চালকৰ : কাইলৈৰ পৰা নচলিব ব্যৱসায়ীক বাহন
কাইলৈৰ পৰা ৪৮ ঘন্টা পৰ্যন্ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিব পাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাস্তা-ঘাট। ব্যৱসায়িক যাত্ৰীবাহী বাহনৰে যাত্ৰা কৰাত যাত্ৰীসকল ডাঙৰ অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দিছে দেখা। সম্পূৰ্ণ বন্ধ থকাৰ সম্ভাৱনা আছে বাছ, ট্ৰাক, অট’ৰিক্সা, টাটা মেজিক, টেম্প’, ওলা-ওবেৰ। গুৱাহাটীৰ ৰাজপথতো নচলাৰ সম্ভাৱনা আছে চিটীবাছ!
নতুন ভাৰতীয় ন্যায় সংহিতা অনুসৰি ‘হিট এণ্ড ৰান’ৰ গোচৰত অভিযুক্তই ভুক্তভোগীক চিকিৎসালয়লৈ নিলে অপৰাধীৰ শান্তি লঘূ হ’ব। যদিহে গাড়ীৰে খুন্দিয়াই চালক পলাই যায়, তেন্তে শাস্তি গুৰুতৰ হ’ব অৰ্থাৎ জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰি ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ লগতে ৭ লাখ টকা পৰ্যন্ত জৰিমণা বিহিব গাড়ীচালকক।
মোদী চৰকাৰৰ দুৰ্ঘটনা বিৰোধী আইনৰ বিৰোধী দেশজুৰি চালকসকলে আৰম্ভ কৰিছিল ‘চকা জাম’ অৰ্থাৎ ট্ৰাক আৰু বাছ চলোৱা বন্ধ কৰি পথ অৱৰোধ। যাৰফলত দেশজুৰি ইন্ধন আৰু খাদ্যশস্য নাটনিৰ আশংকা উদ্ভৱ হৈছিল। সেই প্ৰতিবাদ অসম তথা উত্তৰ পূৱলৈ বিয়পিল। উত্তৰ পূৱৰ প্ৰায় সকলো গাড়ীচালকৰ উপস্থিতিত অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই সিদ্ধান্ত গ্ৰহণ কৰে যে ৫ জানুৱাৰীৰ পৰা ৪৮ ঘণ্টালৈ অসমত যাতায়াত সম্পূৰ্ণ থাকিব বা সকলো গাড়ীচালকে কৰ্ম বিৰতি পালন কৰিব।
ইফালে, শ্ৰমিক সংগঠনসমূহৰ মতে দুৰ্ঘটনা কোনেও কঁৰো বুলি নকৰে। মানুহ এটাক কোনেও খুন্দিয়াও বুলি নুখুন্দিয়াই। কেৱল প্ৰফেচনেল গাড়ীচালকেই নহয়, নতুন যান-বাহন আইনে বিপদ আনিব সকলো চালকলৈ। দুৰ্ঘটনা সংঘটিত কৰি গাড়ীচালক থানাৰ পৰিৱৰ্তে যাব লাগিব হাস্পতাললৈ। দুৰ্ঘটনা সংঘটিত কৰি কেনেকৈ হাস্পতাললৈ নিব আঘাতপ্ৰাপ্তক? প্ৰফেচনেল বা প্ৰাইভেট ড্ৰাইভাৰ বুলি কোনো কথা নাই, মূল সমস্যাটো হৈছে জনতাই গাড়ীচালকক মাৰপিট কৰে।
উল্লেখযোগ্য যে, এই সংকটৰ প্ৰতিকাৰ বিচাৰি কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ সৈতে সৰ্বভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছৰ প্ৰতিনিধিৰে মিলিত হয়। AIMTCয়ে স্পষ্টভাৱে কয় যে সৰ্বভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত নোহোৱালৈকে কোনো আইন চৰকাৰে জাপি দিব নোৱাৰিব। ইফালে চৰকাৰে চৰকাৰে বুজাবলৈ চেষ্টা কৰিছে যে নতুন নিয়ম এতিয়াও কাৰ্যকৰী হোৱা নাই। ভাৰতীয় ন্যায় সংহিতা ১০৬/২ কাৰ্যকৰী কৰাৰ আগতে অল ইণ্ডিয়াৰ সৈতে আলোচনা কৰা হ’ব বুলি সদৰী কৰিছে। কিন্তু চৰকাৰ বুজনিত আস্বস্ত হোৱা নাই AIMTC।
AIMTCয়ে স্পষ্টভাৱে কয় যে সৰ্বভাৰতীয় মটৰ পৰিবহণ কংগ্ৰেছৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত নোহোৱালৈকে কোনো আইন চৰকাৰে জাপি দিব নোৱাৰিব। ইফালে চৰকাৰে চৰকাৰে বুজাবলৈ চেষ্টা কৰিছে যে নতুন নিয়ম এতিয়াও কাৰ্যকৰী হোৱা নাই। ভাৰতীয় ন্যায় সংহিতা ১০৬/২ কাৰ্যকৰী কৰাৰ আগতে অল ইণ্ডিয়াৰ সৈতে আলোচনা কৰা হ’ব বুলি সদৰী কৰিছে। কিন্তু চৰকাৰ বুজনিত আস্বস্ত হোৱা নাই AIMTCএ। ইফালে আজিৰ দিনটোত ট্ৰাক আৰু বাছ চালক সন্থাৰ পিছতে কেব চালক সংস্থাও আন্দোনলমুখৰ হৈছে।