ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিত্তীয় খেলিমেলি : চাৰিজনীয়া তদন্ত কমিটি গঠন ৰাজ্যপালৰ

Dibrugarh-University

উজনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় খেলিমেলিৰ তদন্তৰ বাবে ৰাজ্যপাল তথা আচাৰ্য জগদীশ মুখীয়ে চাৰিজনীয়া তদন্ত কমিটি গঠনৰ কথা এক জাননী যোগে ঘোষণা কৰিছে।

কিছু দিন পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গোটে উপাচাৰ্য ডঃ ৰঞ্জিত তামুলীয়ে বিশ্ববিদ্যালয়খনত সংঘটিত বিত্তীয় খেলিমেলিত জড়িত থকাৰ অভিযোগ তুলি ইয়াৰ তদন্তৰ দাবী তুলিছিল।

আনকি ছাত্ৰ সংগঠনটোৰ বিশ্ববিদ্যালয়ৰ গোটে উপাচাৰ্য ডঃ ৰঞ্জিত তামুলীৰ আৱাসগৃহৰ সম্মুখত বিত্তীয় খেলিমেলিৰ তদন্তৰ দাবী তুলি প্ৰতিবাদ সাৱস্ত্যও কৰিছিল।

আনহাতে অলপতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থায়ো উপাচাৰ্য ডঃ ৰঞ্জিত তামুলীৰ বিত্তী খেলিমেলি বিৰুদ্ধে তদন্ত কৰিবলৈ এখন উচ্চ ক্ষমতা সম্পন্ন তদন্ত কমিটি গঠন কৰিবলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য প্ৰফেচৰ জগদীশ মুখীক দাবী জনাইছিল।

ইয়াৰ পিছতে ৰাজ্যপাল জগদীশ মুখীয়ে বুধবাৰে বিশ্ববিদ্যালয়খনৰ বিত্তীয় খেলিমেলি তদন্ত কৰিবলৈ মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ নেতৃত্বত এখন চাৰিজনীয়া তদন্ত সমিটি গঠন কৰি দিছে।

তদন্ত কমিটিৰ অন্য তিনিগৰাকী সদস্য হৈছে ক্ৰমে উজনি অসম সংমণ্ডল আয়ুক্ত মলয় বৰা, অসম ফেৰেনছিক সঞ্চালকালয়ৰ দুই বৈজ্ঞানিক বিষয়া ৰাজীৱ শেনচোৱা আৰু ইছ্ৰাফীল মুছাহাৰী।

উল্লেখ্য যে বিগত কিছুমাহৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় খেলিমেলিত উপাচাৰ্য ডঃ ৰঞ্জিত তামুলীয়ো সাঙুৰ খাই পৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

উপাচাৰ্য তামুলীয়ে ক্ষমতা অপ্ৰয়োগ কৰি বিশ্ববিদ্যালয়খনৰ বিভিন্ন শিতানত বিত্তীয় খেলিমেলি সংঘটিত কৰাৰ অভিযোগ কৰিছে আছুৰ বিশ্ববিদ্যালয়ৰ গোটে। আনকি ৰাজহুৱা ফাণ্ডৰ পুঁজি অপব্যৱহাৰ কৰিবলৈ ভুৱা চালান দাখিল কৰা বুলিও অভিযোগো উঠিছে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে।

কোভিডকালীন অৰ্থাৎ লকডাউনৰ সময়ছোৱাত উপাচাৰ্য তামুলীয়ে এখন বিলাসী গাড়ী ক্ৰয় কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। স্মৰ্তব্য যে কোভিডকালী সময়ত আৰক্ষীৰ কৰ্তব্য আৰু এম্বুলেঞ্চ সেৱাৰ বাবে প্ৰয়োজনীয় বাহনৰ বাহিৰে অন্য সকলো ধৰণৰ বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছিল।

জাননীখনত উল্লেখ থকা অনুসৰি তদন্ত কমিটিয়ে বিশ্বিবদ্যালয়খনৰ বিৰুদ্ধে উত্থাপন হৈ থকা বিভিন্ন বিত্তীয় খেলিমেলিৰ তদন্ত কৰিব। কমিটিখনক বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিত্তীয় তথ্যপাতি, হস্তাক্ষৰ আৰু স্বাক্ষৰ আদি পৰীক্ষাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যপাল তথা আচাৰ্য মুখীয়ে।