সাধাৰণ মানুহৰ বাবে সকাহ পোৱাৰ খবৰ দিলে ভাৰতীয় ৰিজাৰ্ভ বেংকে। বৃহস্পতিবাৰে পুৱা গৱৰ্ণৰ শক্তিকান্ত দাসে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰেপো ৰেট বৃদ্ধিৰ পৰা বিৰত থকাৰ কথা ঘোষণা কৰে। তিনিদিনীয়া দিনীয়া মুদ্ৰানীতি সমিতিৰ বৈঠকত ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰে।
ভাৰতৰ বেংকে আৰ বি আইৰ পৰা যি সুতৰ হাৰত ঋণ লয় তাক ৰেপো ৰেট বোলা হয়। এই ৰেপো ৰেট বৃদ্ধি হ’লে বেংকৰ ঋণ ব্যয়বহুল হৈ পৰে। কাৰণ আৰ বি আইৰ ৰেপো ৰেট বৃদ্ধি হ’লে বেংকেও ঋণৰ সুতৰ হাৰ বৃদ্ধি কৰে।
লগতে পঢ়ক: মাৰুতি চুজুকিৰ নতুন গাড়ী Fronxৰ মাইলেজ কিমান? মুকলি হোৱাৰ পূৰ্বে ফাদিল তথ্য
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে আজি কয় যে ভাৰতৰ অৰ্থনৈতিক অৱস্থা সম্পূৰ্ণ সুস্থিৰ হৈ আছে। তেওঁ কয় যে ২০২৩ বিত্তীয় বৰ্ষত দেশৰ বাস্তৱিক জিডিপি ৭ শতাংশলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। কিন্তু দেশৰ বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ হাৰ কেন্দ্ৰীয় বেংকৰ লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰিছে। ভাৰতৰ বেংকিং আৰু এন বি এফ চি খণ্ডত বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে।
২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত দেশৰ জিডিপি ৭.৮ শতাংশ হাৰত বৃদ্ধি পাব। আনহাতে, বছৰৰ দ্বিতীয় ত্ৰৈমাসিকত অৰ্থনীতি ৬.২ শতাংশ হাৰত বৃদ্ধি পাব। তৃতীয় ত্ৰৈমাসিকত জিডিপি বৃদ্ধি ৬.১ শতাংশ আৰু চতুৰ্থ ত্ৰৈমাসিকত অৰ্থনীতি ৫.৯ শতাংশ হাৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মুঠতে সেইটো বাৰ্ষিক ৬.৫ শতাংশ বৃদ্ধি বুলি অনুমান কৰা হৈছে।
লগতে পঢ়ক: প্ৰতিশোধ! প্ৰেমিকাৰ বিয়াত বোমা উপহাৰ প্ৰাক্তন প্ৰেমিকৰ; বিস্ফোৰণত দৰাকে ধৰি দুজন নিহত
আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে যদিও আমি ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছো, আজিলৈকে উপলব্ধ তথ্যৰ ভিত্তিত আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাম এতিয়াও শেষ হোৱা নাই। মুদ্ৰাস্ফীতি হ্ৰাস কৰাৰ ক্ষেত্ৰত আৰ বি আই বিশেষভাৱে সক্ৰিয়। ২০২৪ বিত্তীয় বৰ্ষত দেশত মুদ্ৰাস্ফীতিৰ হাৰ ৫.২ শতাংশ হোৱাৰ সম্ভাৱনা আছে।