অসমীয়া ভাষা কওঁতে বা লিখোঁতে আমি বহুতেই কিছুমান ভুল কৰোঁ| এনে ভুল শব্দৰ বানান, পদৰ সাধন, পদৰ প্ৰয়োগ, বাক্যৰ গঠন আদি নানা দিশত হয়| ভাষাৰ জতুৱা ৰূপৰ প্ৰয়োগতো কেতিয়াবা ভুল হয়|
কিছুমান ক্ষেত্রত ক্ৰিয়াৰূপৰ প্ৰয়োগত আমি ভুল কৰোঁ| যেনে:
অশুদ্ধ: মোৰ ভাত খাই হ’ল|
শুদ্ধ: মোৰ ভাত খোৱা হ’ল|
অশুদ্ধ: তোৰ পঢ়ি শেষ হৈছেনে?
শুদ্ধ: তোৰ পঢ়া শেষ হৈছেনে?
অশুদ্ধ: তাক গালি নিদিবি|
শুদ্ধ: তাক গালি নাপাৰিবি|
অশুদ্ধ: ল’ৰাটোক গালি-শপনি নিদিবি|
শুদ্ধ: ল’ৰাটোক গালি-শপনি নকৰিবি|
অশুদ্ধ: শিক্ষকে ছাত্ৰক পঢ়ুৱাইছে|
শুদ্ধ: শিক্ষকে ছাত্ৰক পঢ়াইছে|
অশুদ্ধ: মাক-দেউতাকে সন্তানক স্কুলত পঢায়|
শুদ্ধ: মাক-দেউতাকে সন্তানক স্কুলত পঢ়ুৱায়|
প্ৰত্যেক ভাষাত কিছুমান জতুৱা ৰূপৰ প্ৰয়োগ দেখা যায়| এনে প্ৰয়োগক যাদৃচ্ছিক (arbitrary) প্ৰয়োগ বুলি ধৰি লোৱা হয়| অসমীয়া ভাষাতো এনে প্ৰয়োগ আমি দেখিবলৈ পাওঁ| যেনে:
অশুদ্ধ: তাৰ চকু উঠিছে|
শুদ্ধ: তাৰ চকু নামিছে|
‘চকু নমা’ কথাষাৰে অসমীয়াত চকুৰ ৰোগ বিশেষক বুজায়| ‘চকু নমা’ৰ ইংৰাজী অৰ্থ হ’ল ‘conjunctivitis’।
নিৰ্দেশক প্ৰত্যয় হ’ল অসমীয়া ভাষাৰ এক প্ৰধান বৈশিষ্ট্য| নিৰ্দেশক প্ৰত্যয়ৰ ব্যৱহাৰ অইন আৰ্যমূলীয় ভাষাত বিৰল| অসমীয়া ভাষাৰ চৌপাশে থকা চীন-তিব্বতীয় মূলৰ ভাষাৰ প্ৰভাৱত অসমীয়া ভাষাই এনে স্বকীয় বিশেষত্ব লাভ কৰিছে| অসমীয়া ভাষাত নিৰ্দেশক প্ৰত্যয়ৰ ব্যৱহাৰৰ নিৰূপিত প্ৰণলীও আছে| পিছে এই ক্ষেত্রতো আমি কেতিয়াবা ভুল কৰোঁ| যেনে:
অশুদ্ধ: আমাৰ স্কুল দশটা বজাত বহে|
শুদ্ধ: আমাৰ স্কুল দহ বজাত বহে|
অশুদ্ধ: চাৰিটা বজাৰ লগে লগে আমি যাম|
শুদ্ধ: চাৰি বজাৰ লগে লগে আমি যাম|
অশুদ্ধ: তোমাৰ স্কেলডাল মোক দিবানে?
শুদ্ধ: তোমাৰ স্কেলপাট মোক দিবানে?
অশুদ্ধ: বাটৰুৱাজনে গছডালৰ তলত জিৰণি লৈছে|
শুদ্ধ: বাটৰুৱাজনে গছজোপাৰ তলত জিৰণি লৈছে|
অসমীয়া ভাষাৰ অইন এক প্ৰধান বিশেষত্ব হ’ল সম্বন্ধবাচক বিশেষ্য শব্দৰ সৈতে লগ লগা পুৰুষবাচক বিভক্তিৰ প্ৰয়োগ| অসমীয়া ভাষাৰ এই বিশেষত্বও অনাৰ্য ভাষাৰ প্ৰভাৱৰ ফল| অসমীয়া ভাষাৰ বাহিৰে অইন আৰ্যমূলীয় ভাষাৰ এনে বিশেষত্ব দেখা নাযায়|
অশুদ্ধ: তোমাৰ মাই কিয় চাহ নাখায়?
শুদ্ধ: তোমাৰ মাৰাই কিয় চাহ নাখায়?
অশুদ্ধ: তোমাৰ দেউতাৰ নাম কি?
শুদ্ধ: তোমাৰ দেউতাৰাৰ নাম কি?
অশুদ্ধ: তোৰ পেহীৰ ঘৰ ক’ত?
শুদ্ধ: তোৰ পেহীয়েৰৰ ঘৰ ক’ত?
অশুদ্ধ: আপোনাৰ মাহীক মই চিনি পাওঁ|
শুদ্ধ: আপোনাৰ মাহীয়েকক মই চিনি পাওঁ|
প্ৰত্যয়ৰ প্ৰয়োগতো কিছুমান ভুল আমি প্ৰায়ে কৰোঁ| যেনে:
অশুদ্ধ: অসমৰ প্ৰাকৃতিক সৌন্দৰ্যতা বৰ মনোমোহা|
শুদ্ধ: অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ মনোমোহা|
অশুদ্ধ: ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যতাপূৰ্ণ দেশ|
শুদ্ধ: ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ|
অশুদ্ধ: মহোদয়, আপুনি বাহুল্যতা বৰ্জন কৰক|
শুদ্ধ: মহোদয়, আপুনি বাহুল্য বৰ্জন কৰক|
অশুদ্ধ: তেওঁৰ লেখাটো বাৰে বাৰে পঢ়িও আয়ত্বাধীন কৰিব নোৱাৰিলোঁ|
শুদ্ধ: তেওঁৰ লেখাটো বাৰে বাৰে পঢিও আয়ত্ত কৰিব নোৱাৰিলোঁ|
অশুদ্ধ: মই অথনিকৈ গৈছিলোঁ|
শুদ্ধ: মই অথনিকৈ যাম|
বা
শুদ্ধ: মই অথনিয়েই গৈছিলোঁ|
(অসমীয়া ভাষাত ‘অথনি’ শব্দটোৰ প্ৰয়োগ মন কৰিব লগীয়া| ‘অথনি’ৰ অৰ্থ হ’ল আজিয়েই, কিন্তু অলপ আগতে| আনহাতে, ‘অথনিকৈ’ৰ অৰ্থ হ’ল আজিয়েই, কিন্তু অলপ পাছত।)
অশুদ্ধ: বিপদত ধৈৰ্যতা ধৰা উচিত|
শুদ্ধ: বিপদত ধৈৰ্য ধৰা উচিত|
অশুদ্ধ: ভাবা এজন বিখ্যাত বৈজ্ঞানিক|
শুদ্ধ: ভাবা এগৰাকী বিখ্যাত বিজ্ঞানী|
বিভক্তিৰ প্ৰয়োগতো আমাৰ কেতিয়াবা ভুল হয়| যেনে:
অশুদ্ধ: তেওঁ ঘৰলৈ যাবলৈ খুজিছে|
শুদ্ধ: তেওঁ ঘৰলৈ যাব খুজিছে|
অশুদ্ধ: কল্পনাই চিনেমা চাব অনুমতি বিচাৰিছে|
শুদ্ধ: কল্পনাই চিনেমা চাবলৈ অনুমতি বিচাৰিছে|
অশুদ্ধ: মই আজি স্কুল নাযাওঁ|
শুদ্ধ: মই আজি স্কুললৈ নাযাওঁ|
অশুদ্ধ: দেউতা আজি যোৰহাট যাব|
শুদ্ধ: দেউতা আজি যোৰহাটলৈ যাব|
অব্যয় পদৰ প্ৰয়োগতো ভুল হয়| এই ক্ষেত্রত প্ৰায়ে চকুত পৰা এটি ভুল হ’ল–
অশুদ্ধ: ৰাম ও যদু আহিছে|
শুদ্ধ: ৰাম আৰু যদু আহিছে|
অশুদ্ধ: তেখেত শিক্ষা ও স্বাস্থ্য বিভাগৰ মন্ত্ৰী|
শুদ্ধ: তেখেত শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী|
শব্দৰ সাধনতো আমাৰ কেতিয়াবা ভুল হয়| অসমৰ কোনো এখন চিকিৎসালয়লৈ গৈ মন কৰিলেই আমি আমাৰ অসচেতন মনৰ বাবে দুখ পাব লগীয়া হয়| যেনে:
অশুদ্ধ: কাইলৈ চিকিৎসালয়ৰ বৰ্হিবিভাগ খোলা থাকিব|
শুদ্ধ: কাইলৈ চিকিৎসালয়ৰ বহিৰ্বিভাগ খোলা থাকিব|
বাক্যত শব্দৰ স্থান বিষয়টোও ভাষাৰ ব্যাকৰণৰ এক গুৰুত্বপূৰ্ণ বিষয়| লিখোঁতে, কওঁতে বা বক্তৃতা দিওঁতে আমি এই দিশটোৰ শুদ্ধ প্ৰয়োগৰ প্ৰতি মনোযোগী হ’ব লাগে| কিন্তু তাকে নকৰি আমি ভুল কৰোঁ| যেনে:
অশুদ্ধ: মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়|
শুদ্ধ: অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়|
অশুদ্ধ : মাননীয় আজিৰ সভাৰ সভাপতি মহোদয়|
শুদ্ধ: আজিৰ সভাৰ মাননীয় সভাপতি মহোদয়|
তলত আৰু কেইটিমান ভুল প্ৰয়োগৰ নমুনা আৰু সেইবোৰৰ শুদ্ধ-ৰূপ দেখুওৱা হ’ল:
অশুদ্ধ: ৰাইজসকল, মোৰ কথা শুনক|
শুদ্ধ: ৰাইজ, মোৰ কথা শুনক|
(‘ৰাইজ’ শব্দটোৱে বহুবচনবাচক| গতিতে ইয়াত বহুবচনৰ প্ৰত্যয় লগ লগাব নালাগে|)
অশুদ্ধ: গাড়ীখন ষ্টেচনত থামিছে|
শুদ্ধ: গাড়ীখন ষ্টেচনত ৰৈছে|
অশুদ্ধ: আলস্যতাই জীৱনৰ অধন্নতিৰ মূল|
শুদ্ধ: আলস্যই জীৱনৰ অৱনতিৰ মূল|
অশুদ্ধ: তেওঁ অহিংসা নীতিত বিশ্বাস কৰে|
শুদ্ধ: তেওঁ অহিংস নীতিত বিশ্বাস কৰে|
অশুদ্ধ: খেলুৱৈজনে ভাল খেলিছে|
শুদ্ধ: খেলুৱৈজনে ভালকৈ খেলিছে|
অশুদ্ধ: ভাইটি ভাত খায় স্কুললৈ গ’ল|
শুদ্ধ: ভাইটি ভাত খাই স্কুললৈ গ’ল|
অশুদ্ধ: মোৰ বৰকৈ খং উঠি গুচি আহিলোঁ|
শুদ্ধ: মোৰ বৰকৈ খং উঠিলত গুচি আহিলোঁ|
অশুদ্ধ: মই তোমালৈ ৰখি আছোঁ|
শুদ্ধ: মই তোমালৈ ৰৈ আছোঁ|
(লেখক ৰাজীৱ শৰ্মা পেছাত এগৰাকী শিক্ষক। তেওঁ কেইবাখনো ব্যাকৰণ আৰু অভিধান প্ৰণয়নৰ সৈতেও জড়িত।)