• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমীয়া ভাষা কওঁতে বা লিখোঁতে সচৰাচৰ হোৱা ভুল

ৰাজীৱ শৰ্মা by ৰাজীৱ শৰ্মা
August 17, 2022 3:56 pm
Assamese language
568
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া ভাষা কওঁতে বা লিখোঁতে আমি বহুতেই কিছুমান ভুল কৰোঁ| এনে ভুল শব্দৰ বানান, পদৰ সাধন, পদৰ প্ৰয়োগ, বাক্যৰ গঠন আদি নানা দিশত হয়| ভাষাৰ জতুৱা ৰূপৰ প্ৰয়োগতো কেতিয়াবা ভুল হয়|

কিছুমান ক্ষেত্রত ক্ৰিয়াৰূপৰ প্ৰয়োগত আমি ভুল কৰোঁ| যেনে:

অশুদ্ধ: মোৰ ভাত খাই হ’ল|
শুদ্ধ: মোৰ ভাত খোৱা হ’ল|

Apply Now

অশুদ্ধ: তোৰ পঢ়ি শেষ হৈছেনে?
শুদ্ধ: তোৰ পঢ়া শেষ হৈছেনে?

অশুদ্ধ: তাক গালি নিদিবি|
শুদ্ধ: তাক গালি নাপাৰিবি|

অশুদ্ধ: ল’ৰাটোক গালি-শপনি নিদিবি|
শুদ্ধ: ল’ৰাটোক গালি-শপনি নকৰিবি|

অশুদ্ধ: শিক্ষকে ছাত্ৰক পঢ়ুৱাইছে|
শুদ্ধ: শিক্ষকে ছাত্ৰক পঢ়াইছে|

অশুদ্ধ: মাক-দেউতাকে সন্তানক স্কুলত পঢায়|
শুদ্ধ: মাক-দেউতাকে সন্তানক স্কুলত পঢ়ুৱায়|

প্ৰত্যেক ভাষাত কিছুমান জতুৱা ৰূপৰ প্ৰয়োগ দেখা যায়| এনে প্ৰয়োগক যাদৃচ্ছিক (arbitrary) প্ৰয়োগ বুলি ধৰি লোৱা হয়| অসমীয়া ভাষাতো এনে প্ৰয়োগ আমি দেখিবলৈ পাওঁ| যেনে:

অশুদ্ধ: তাৰ চকু উঠিছে|
শুদ্ধ: তাৰ চকু নামিছে|

‘চকু নমা’ কথাষাৰে অসমীয়াত চকুৰ ৰোগ বিশেষক বুজায়| ‘চকু নমা’ৰ ইংৰাজী অৰ্থ হ’ল ‘conjunctivitis’।

নিৰ্দেশক প্ৰত্যয় হ’ল অসমীয়া ভাষাৰ এক প্ৰধান বৈশিষ্ট্য| নিৰ্দেশক প্ৰত্যয়ৰ ব্যৱহাৰ অইন আৰ্যমূলীয় ভাষাত বিৰল| অসমীয়া ভাষাৰ চৌপাশে থকা চীন-তিব্বতীয় মূলৰ ভাষাৰ প্ৰভাৱত অসমীয়া ভাষাই এনে স্বকীয় বিশেষত্ব লাভ কৰিছে| অসমীয়া ভাষাত নিৰ্দেশক প্ৰত্যয়ৰ ব্যৱহাৰৰ নিৰূপিত প্ৰণলীও আছে| পিছে এই ক্ষেত্রতো আমি কেতিয়াবা ভুল কৰোঁ| যেনে:

অশুদ্ধ: আমাৰ স্কুল দশটা বজাত বহে|

শুদ্ধ: আমাৰ স্কুল দহ বজাত বহে|

অশুদ্ধ: চাৰিটা বজাৰ লগে লগে আমি যাম|
শুদ্ধ: চাৰি বজাৰ লগে লগে আমি যাম|

অশুদ্ধ: তোমাৰ স্কেলডাল মোক দিবানে?
শুদ্ধ: তোমাৰ স্কেলপাট মোক দিবানে?

অশুদ্ধ: বাটৰুৱাজনে গছডালৰ তলত জিৰণি লৈছে|
শুদ্ধ: বাটৰুৱাজনে গছজোপাৰ তলত জিৰণি লৈছে|

অসমীয়া ভাষাৰ অইন এক প্ৰধান বিশেষত্ব হ’ল সম্বন্ধবাচক বিশেষ্য শব্দৰ সৈতে লগ লগা পুৰুষবাচক বিভক্তিৰ প্ৰয়োগ| অসমীয়া ভাষাৰ এই বিশেষত্বও অনাৰ্য ভাষাৰ প্ৰভাৱৰ ফল| অসমীয়া ভাষাৰ বাহিৰে অইন আৰ্যমূলীয় ভাষাৰ এনে বিশেষত্ব দেখা নাযায়|

অশুদ্ধ: তোমাৰ মাই কিয় চাহ নাখায়?
শুদ্ধ: তোমাৰ মাৰাই কিয় চাহ নাখায়?

অশুদ্ধ: তোমাৰ দেউতাৰ নাম কি?
শুদ্ধ: তোমাৰ দেউতাৰাৰ নাম কি?

অশুদ্ধ: তোৰ পেহীৰ ঘৰ ক’ত?
শুদ্ধ: তোৰ পেহীয়েৰৰ ঘৰ ক’ত?

অশুদ্ধ: আপোনাৰ মাহীক মই চিনি পাওঁ|
শুদ্ধ: আপোনাৰ মাহীয়েকক মই চিনি পাওঁ|

প্ৰত্যয়ৰ প্ৰয়োগতো কিছুমান ভুল আমি প্ৰায়ে কৰোঁ| যেনে:

অশুদ্ধ: অসমৰ প্ৰাকৃতিক সৌন্দৰ্যতা বৰ মনোমোহা|
শুদ্ধ: অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ মনোমোহা|

অশুদ্ধ: ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যতাপূৰ্ণ দেশ|
শুদ্ধ: ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ|

অশুদ্ধ: মহোদয়, আপুনি বাহুল্যতা বৰ্জন কৰক|
শুদ্ধ: মহোদয়, আপুনি বাহুল্য বৰ্জন কৰক|

অশুদ্ধ: তেওঁৰ লেখাটো বাৰে বাৰে পঢ়িও আয়ত্বাধীন কৰিব নোৱাৰিলোঁ|
শুদ্ধ: তেওঁৰ লেখাটো বাৰে বাৰে পঢিও আয়ত্ত কৰিব নোৱাৰিলোঁ|

অশুদ্ধ: মই অথনিকৈ গৈছিলোঁ|

শুদ্ধ: মই অথনিকৈ যাম|
বা
শুদ্ধ: মই অথনিয়েই গৈছিলোঁ|

(অসমীয়া ভাষাত ‘অথনি’ শব্দটোৰ প্ৰয়োগ মন কৰিব লগীয়া| ‘অথনি’ৰ অৰ্থ হ’ল আজিয়েই, কিন্তু অলপ আগতে| আনহাতে, ‘অথনিকৈ’ৰ অৰ্থ হ’ল আজিয়েই, কিন্তু অলপ পাছত।)

অশুদ্ধ: বিপদত ধৈৰ্যতা ধৰা উচিত|
শুদ্ধ: বিপদত ধৈৰ্য ধৰা উচিত|

অশুদ্ধ: ভাবা এজন বিখ্যাত বৈজ্ঞানিক|
শুদ্ধ: ভাবা এগৰাকী বিখ্যাত বিজ্ঞানী|

বিভক্তিৰ প্ৰয়োগতো আমাৰ কেতিয়াবা ভুল হয়| যেনে:

অশুদ্ধ: তেওঁ ঘৰলৈ যাবলৈ খুজিছে|
শুদ্ধ: তেওঁ ঘৰলৈ যাব খুজিছে|

অশুদ্ধ: কল্পনাই চিনেমা চাব অনুমতি বিচাৰিছে|
শুদ্ধ: কল্পনাই চিনেমা চাবলৈ অনুমতি বিচাৰিছে|

অশুদ্ধ: মই আজি স্কুল নাযাওঁ|
শুদ্ধ: মই আজি স্কুললৈ নাযাওঁ|

অশুদ্ধ: দেউতা আজি যোৰহাট যাব|
শুদ্ধ: দেউতা আজি যোৰহাটলৈ যাব|

অব্যয় পদৰ প্ৰয়োগতো ভুল হয়| এই ক্ষেত্রত প্ৰায়ে চকুত পৰা এটি ভুল হ’ল–

অশুদ্ধ: ৰাম ও যদু আহিছে|
শুদ্ধ: ৰাম আৰু যদু আহিছে|

অশুদ্ধ: তেখেত শিক্ষা ও স্বাস্থ্য বিভাগৰ মন্ত্ৰী|
শুদ্ধ: তেখেত শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী|

শব্দৰ সাধনতো আমাৰ কেতিয়াবা ভুল হয়| অসমৰ কোনো এখন চিকিৎসালয়লৈ গৈ মন কৰিলেই আমি আমাৰ অসচেতন মনৰ বাবে দুখ পাব লগীয়া হয়| যেনে:

অশুদ্ধ: কাইলৈ চিকিৎসালয়ৰ বৰ্হিবিভাগ খোলা থাকিব|
শুদ্ধ: কাইলৈ চিকিৎসালয়ৰ বহিৰ্বিভাগ খোলা থাকিব|

 

বাক্যত শব্দৰ স্থান বিষয়টোও ভাষাৰ ব্যাকৰণৰ এক গুৰুত্বপূৰ্ণ বিষয়| লিখোঁতে, কওঁতে বা বক্তৃতা দিওঁতে আমি এই দিশটোৰ শুদ্ধ প্ৰয়োগৰ প্ৰতি মনোযোগী হ’ব লাগে| কিন্তু তাকে নকৰি আমি ভুল কৰোঁ| যেনে:

অশুদ্ধ: মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়|
শুদ্ধ: অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়|

অশুদ্ধ : মাননীয় আজিৰ সভাৰ সভাপতি মহোদয়|
শুদ্ধ: আজিৰ সভাৰ মাননীয় সভাপতি মহোদয়|

 

তলত আৰু কেইটিমান ভুল প্ৰয়োগৰ নমুনা আৰু সেইবোৰৰ শুদ্ধ-ৰূপ দেখুওৱা হ’ল:

অশুদ্ধ: ৰাইজসকল, মোৰ কথা শুনক|
শুদ্ধ: ৰাইজ, মোৰ কথা শুনক|
(‘ৰাইজ’ শব্দটোৱে বহুবচনবাচক| গতিতে ইয়াত বহুবচনৰ প্ৰত্যয় লগ লগাব নালাগে|)

অশুদ্ধ: গাড়ীখন ষ্টেচনত থামিছে|
শুদ্ধ: গাড়ীখন ষ্টেচনত ৰৈছে|

অশুদ্ধ: আলস্যতাই জীৱনৰ অধন্নতিৰ মূল|
শুদ্ধ: আলস্যই জীৱনৰ অৱনতিৰ মূল|

অশুদ্ধ: তেওঁ অহিংসা নীতিত বিশ্বাস কৰে|
শুদ্ধ: তেওঁ অহিংস নীতিত বিশ্বাস কৰে|

অশুদ্ধ: খেলুৱৈজনে ভাল খেলিছে|
শুদ্ধ: খেলুৱৈজনে ভালকৈ খেলিছে|

অশুদ্ধ: ভাইটি ভাত খায় স্কুললৈ গ’ল|
শুদ্ধ: ভাইটি ভাত খাই স্কুললৈ গ’ল|

অশুদ্ধ: মোৰ বৰকৈ খং উঠি গুচি আহিলোঁ|
শুদ্ধ: মোৰ বৰকৈ খং উঠিলত গুচি আহিলোঁ|

অশুদ্ধ: মই তোমালৈ ৰখি আছোঁ|
শুদ্ধ: মই তোমালৈ ৰৈ আছোঁ|

 

(লেখক ৰাজীৱ শৰ্মা পেছাত এগৰাকী শিক্ষক। তেওঁ কেইবাখনো ব্যাকৰণ আৰু অভিধান প্ৰণয়নৰ সৈতেও জড়িত।)

ৰাজীৱ শৰ্মা

ৰাজীৱ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

২০২৬-ৰ CTET পৰীক্ষা স্থগিত! চিবিএছইৰ সংশোধিত সময়সূচী ঘোষণা, কোন কোন তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষা?

September 15, 2026 3:08 pm
উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

উমৰ খালিদৰ তথ্যচিত্ৰক লৈ বিতৰ্ক! বাংগালুৰুৰ এনএলএছআইইউত প্ৰদৰ্শন বাতিলৰ দাবীত কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ এবিভিপিৰ

September 15, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd