NORTHEAST NOW (Assamese)

স্বপ্ন ভংগ: বাৰ্মিংহামত প্ৰি কোৱাৰ্টাৰতে থমকিল শিৱ

July 31, 2022 6:32 pm · এন ই নাও নিউজ, গুৱাহাটী

বাৰ্মিংহামত চলি থকা ২২ সংখ্যক কমনৱেলথ গেমছৰ আজি তৃতীয়দিনা আশাহত হ’বলগীয়া হৈছে অসমবাসী। সমগ্ৰ ৰাজ্যবাসীৰ প্ৰত্যাশা বহন কৰা তাৰকা বক্সাৰ শিৱ থাপাই কোৱাৰ্টাৰত প্ৰৱেশত ব্যৰ্থ হৈছে।

৬৩.৫ কিলোগ্ৰাম শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অসমৰ বক্সাৰ গৰাকীয়ে স্কটলেণ্ডৰ প্ৰতিদ্বন্দী ৰীচ লিঞ্চৰ বিপক্ষে পৰাস্ত হয়।

মেচখনত শিৱই নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হ’লেও লিঞ্চৰ সন্মুখত কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল।

কিন্তু বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ বিজয়ী লিঞ্চৰ উচ্চতা আৰু দীৰ্ঘ পাঞ্চৰ সমুখত শিৱৰ সকলো প্ৰয়াস নিষ্ফল হৈ পৰে।

আৰম্ভণিতে শিৱই যথেষ্ট আত্মবিশ্বাসেৰে প্ৰদৰ্শন দাঙি ধৰিলেও শেষৰ দুটা ৰাউণ্ডত ৰিচ লিঞ্চে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি কোৱাৰ্টাৰৰ পথ প্ৰশস্ত কৰি তোলে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে নিজৰ প্ৰথম মেচত পাকিস্তানৰ চুলেমান বালোচক পৰাস্ত কৰি শিৱ থাপাই বাৰ্মিংহাম অভিযান আৰম্ভ কৰিছিল।

প্ৰথম মেচৰ পিছত শিৱ থাপাৰ ওপৰত অসমবাসীৰ প্ৰত্যাশা বৃদ্ধি পাইছিল যদিও এই প্ৰত্যাশা পূৰণত ব্যৰ্থ হয় তাৰকা বক্সাৰগৰাকী।

Related News