• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2022 10:12 pm
Arjuna Award
142
VIEWS
Share on FacebookShare on Twitter

পুনৰ এবাৰ ৰাজ্যবাসী তথা ৰাজ্যৰ ক্ৰীড়া জগতক গৌৰৱান্বিত কৰি তুলিছে বিগত বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ হৈ আকাংক্ষিত স্বৰ্ণ পদক জয়ী অসমৰ তাৰকা লন বল খেলুৱৈ নয়নমণি শইকীয়াই।

বাৰ্মিংহামত ইতিহাস ৰচি কমনৱেলথত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হোৱা গোলাঘাটৰ নয়নমণি শইকীয়াই আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা গ্ৰহণ কৰে সন্মানীয় অৰ্জুন বঁটা।

উল্লেখ্য যে চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত লন বলৰ মহিলাৰ শাখাত স্বৰ্ণ জয়ী ভাৰতীয় দলৰ অন্যতম সদস্য আছিল।

খেলুৱৈ জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত এগৰাকী ভাৰোত্তোলক হিচাপে কেৰিয়াৰ আৰম্ভ কৰা নয়নমণিয়ে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত লনবলক কেৰিয়াৰ হিচাপে বাচি লৈছিল।

নয়নমণি শইকীয়া সন্মানীয় অৰ্জুন বঁটা লাভ কৰা ষষ্ঠ গৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, জয়ন্ত তালুকদাৰ, শিৱ থাপা, হিমা দাস, লাভলীনা বৰগোঁহায়ে অৰ্জুন বঁটা লাভ কৰিছিল।

অৰ্জুন বঁটাৰ লগতে আজি ২০২২ বৰ্ষৰ দেশৰ অন্য সন্মানীয় ক্ৰীড়া বঁটাসমূহো প্ৰদান কৰা হয়। নয়নমণিসহ দেশৰ ২৫ গৰাকী খেলুৱৈক চলিত বৰ্ষত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে।

আনহাতে দেশৰ সৰ্ব্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা গ্ৰহণ কৰে কিংবদন্তী টেবুল টেনিছ খেলুৱৈ অচন্ত শৰথ কমলে। উল্লেখ্য যে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত তাৰকাগৰাকীয়ে তিনিটাকৈ সোণসহ চাৰিটা পদক লাভ কৰিছিল।

সন্মান লাভ কৰা ক্ৰীড়াবিদসকলৰ তালিকাঃ

মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাঃ অচন্ত শৰথ কমল

অৰ্জুন বঁটাঃ সীমা পুনিয়া (এথলেটিকছ), এল্ডহ’জ পল (এথলেটিকছ), অভিনাশ মুকুন্দ চাবলে (এথলেটিকছ), লক্ষ্য সেন (বেডমিণ্টন), এইচ এছ প্ৰণয় (বেডমিণ্টন), অমিত (বক্সিং), নিখাট জাৰীন (বক্সিং), ভক্তি প্ৰদীপ কুলকাৰ্নী (দবা), আৰ প্ৰজ্ঞানান্ধা (দবা), দীপ গ্ৰেচ এক্কা (হকী), সুশীলা দেৱী (জুডো), সাক্ষী কুমাৰী (কাবাড্ডী), নয়ণমণি শইকীয়া (লন বল), সাগৰ কৈলাশ অভালকাৰ (মল্লখাম্ব), এলেভেনিল ভালভাৰিয়ান (শ্বুটিং), ওমপ্ৰকাশ মিথাৰ্ভাল (শ্বুটিং), শ্ৰীজা আকুলা (টেবল টেনিছ), বিকাশ ঠাকুৰ (ৱেইটলিফ্টিং), অংশু (মল্লযুঁজ), সৰিতা (মল্লযুঁজ), পাৰৱীন (উশ্বু), মানসী গিৰিচন্দ্ৰ যোশী (পাৰা বেডমিণ্টন), তৰুণ ধিলন (পেৰা বেডমিণ্টন), স্বপ্নীল সঞ্জয় পাটিল (পেৰা চুইমিং), জাৰ্লিন অনিকা জে (মূক-বধিৰ বেডমিণ্টন)।

দ্ৰোণাচাৰ্য বঁটাঃ জীৱনজ্যোৎ সিং তেজা (আৰ্চাৰী), মহম্মদ আলি কামাৰ (বক্সিং), সুমা সিদ্ধাৰ্থ শ্বিৰুৰ (পেৰা শ্বুটিং), সুজিত মান (মল্লযুঁজ)।

জীৱনজোৰা সাধনাৰ বঁটাঃ দীনেশ জৱাহৰ লাড (ক্ৰিকেট), বিমল প্ৰফুল্ল ঘোষ (ফুটবল), ৰাজ সিং (মল্লযুঁজ)।

জীৱনজোৰা সাধনাৰ ধ্যানচান্দ বঁটাঃ অশ্বিনী অক্কুঞ্জী চি (এথলেটিকছ), ধৰমবীৰ সিং (হকী), বি চি সুৰেশ (কাবাড্ডী), নীৰ বাহাদুৰ গুৰুং (পেৰা এথলেটিকছ)।

ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰঃ ট্ৰান্সষ্টাডিয়া এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড, কলিংগ ইনষ্টিউট অৱ ইণ্ড্ৰাষ্ট্ৰিয়েল টেকন’ল’জী, লাডাখ স্কাই এণ্ড স্ল’ব’ৰ্ড এচ’চিয়েছন।

মৌলানা আবুল কালাম আজাম ট্ৰফীঃ গুৰু নানক দেৱ ইউনিভাৰ্চিটি, অমৃতসৰ।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd