এটা ফেচবুক প’ষ্টক কেন্দ্ৰ কৰি তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বৰহাপজানত আজি দুটা ফৈদৰ মাজত প্ৰচণ্ড সংঘাতৰ সৃষ্টি হয়।
প্ৰাপ্ত তথ্য মতে আজিজ খান নামৰ এজন যুৱকে ফেচবুকত এটা সাম্প্ৰদায়িক প’ষ্ট দিয়াক লৈ আজি একাংশ লোকে ইয়াৰ বিৰুদ্ধে ডুমডুমাৰ লংছোৱালত ৩৭নং ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰিছিল ।
সেই সময়তে আজিজৰ প্ৰায় ২০ জনীয়া সমৰ্থকৰ এটা দলে বাইকেৰে আহি ৰাজপথত উদ্ভণ্ডালি চলোৱাৰ লগতে প্ৰতিবাদকাৰী সকলৰ ওপৰত শিলগুটি নিক্ষেপ কৰে। ফলত প্ৰায় ১৫জন লোক আঘাতপ্ৰাপ্ত হয়।
ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত প্ৰশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰে। কিন্তু পৰিস্থিতি অধিক অৱনতি ঘটাত আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু শূন্যলৈ গুলীচালনা কৰে। আৰক্ষীৰ লাঠীচালনাত দুয়োটা পক্ষৰ প্ৰায় ২০ জন লোক কিছুপৰিমাণে আহত হয়।
এই সৰ্ন্দভত হিন্দু যুৱ ছাত্ৰ পৰিষদে অভিযুক্ত আজিজ খান আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে। আনহাতে, আজিজ খানে বিতৰ্কিত ফেচবুক প’ষ্টটো ইতিমধ্যে ডিলিট কৰাৰ লগতে আৰক্ষীৰ পৰা পলাই আছে।
তিনিচুকীয়া জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিয়ে যাতে অধিক সাম্প্ৰদায়িক ৰূপ পাব নোৱাৰে তাৰ বাবে অঞ্চলটোত আৰক্ষী আৰু অৰ্ধসামৰিক লোকক মোতায়েন কৰি ৰখাৰ লগতে জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে।