NORTHEAST NOW (Assamese)

গুজৰাটত ছুৰীকাঘাত কৰি হত্যা যুৱকক: হত্যাক কেন্দ্ৰ কৰি উদ্ভৱ সাম্প্ৰদায়িক সংঘৰ্ষৰ

August 27, 2022 10:56 am · এন ই নাও নিউজ, গুৱাহাটী

গুজৰাটৰ কচ্ছ জিলাৰ ভুজত সংঘটিত এক হত্যাকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হৈছে সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে উদ্বেগজনক ঘটনাৰ। জানিব পৰা মতে এজন স্থানীয় লোকৰ হত্যাক লৈ অঞ্চলটোৰ হিন্দু আৰু মুছলমান সকলৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে।

ভুজৰ মাধপুৰ অঞ্চলত গাখীৰ বিক্ৰী কৰা এজন যুৱকক দুৰ্বৃত্তই ছুৰীকাঘাত কৰি হত্যা কৰে।

এই ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে স্থানীয় কিছু উন্মত্ত লোকে ৰাজপথলৈ ওলাই আহি এটা মছজিদৰ লগতে কেইবাখনো দোকান ভাঙি চুৰমাৰ কৰে।

আনহাতে ভুজ আৰক্ষীয়ে এনে পৰিস্থিতিৰ বিষয়ে অৱগত হোৱাৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎকালীনভাৱে জেষ্ঠ বিষয়াসহ বৃহৎ সংখ্যক আৰক্ষী কৰ্মী ঘটনাস্থলীত মোতায়েন কৰে।

ঘটনাস্থলীত থকা এগৰাকী জেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে আৰক্ষীৰ উপস্থিতিৰ পিছতে দুয়োটা সম্প্ৰদায়ৰ লোকে ঘটনাস্থলীৰ পৰা আঁতৰি যায়।

পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি তেওঁ লগতে সদৰী কৰিছে। আনহাতে অঞ্চলটোৰ সকলো লোককে শান্তি বজাই ৰাখিবলৈ আৰু ভুৱা বাতৰি তথা ভুল তথ্যত ভোল নাযাবলৈ আহ্বান জনাইছে আৰক্ষীয়ে।

সাম্প্ৰদায়িক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে দুয়োটা সম্প্ৰদায়ৰ দ্বাৰা দাখিল কৰা অভিযোগ পঞ্জীয়ন কৰিছে। ঘটনা সন্দৰ্ভত অনুসন্ধান চলি আছে বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিছে।

Related News