বিতৰ্কিত মন্তব্য কৰি পুনৰ শিৰোনাম দখল কৰিছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা বিজেপি নেতা নিতেশ ৰাণে। ইভিএম সন্দৰ্ভত সাম্প্ৰদায়িকভাৱে উচটনিমূলক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে।
ৰাণেৰ এই মন্তব্যক কেৱল বিৰোধীয়েই নহয়, এন ডি এৰ মিত্ৰজোঁটৰ অংশীদাৰ নেতাসকলেও গৰিহণা দিছে।
শুকুৰবাৰে মহাৰাষ্ট্ৰৰ সাংগলীত অনুষ্ঠিত হোৱা এক ধৰ্মীয় সভালৈ গৈছিল নিতেশ ৰাণে। তাত তেওঁ সংখ্যালঘু সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ কৈছিল, “বিৰোধীয়ে বাৰে বাৰে ইভিএমৰ কথা কৈ আহিছে। হিন্দু একত্ৰিত হৈ হিন্দুক ভোট দিয়া বুলি তেওঁলোকে মানি ল’ব নোৱাৰে। হাৰিলেহে ইভিএমক দোষ দিয়ে। আচলতে তেওঁলোকে ইভিএমৰ অৰ্থ নাজানে। ইভিএমৰ অৰ্থ হৈছে ‘প্ৰতিটো ভোট।” মোল্লাহৰ বিৰুদ্ধে”। আমি গৌৰৱান্বিত যে আমি ইভিএমৰ বাবেই জয়ী হৈছো।”
ৰাজ্য মন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে বিৰোধিতা কৰিছে বিৰোধীয়ে। কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কয়, ‘এয়া আচৰিত। আমাৰ দেশৰ সকলো জনসাধাৰণে স্বাধীনতা সংগ্ৰামৰ উমৈহতীয়া মূল্যবোধ বুজিব লাগে। ধৰ্মীয় কাৰণৰ উদ্ধৃতি দি এটা গোটে পাকিস্তানক সৃষ্টি কৰিছিল। গান্ধীজীয়ে কয়, আমি সকলোৰে স্বাধীনতাৰ বাবে যুঁজিছো। আমি একেলগে দেশ গঢ়িম। সকলোৰে সমান অধিকাৰ থাকিব। যদি কোনোবাই থিয় হৈ হিন্দু, মুছলমান, খ্ৰীষ্টান বা আন কোনো ধৰ্মৰ কথা কয় তেন্তে সেয়া ভুল। আমি সকলোৱে ভাৰতীয়’।
এন ডি এৰ মিত্ৰজোঁটৰ অংশীদাৰ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথৱালে কয়, “নিতেশ ৰাণে মহাৰাষ্ট্ৰৰ মন্ত্ৰী। তেওঁ ভুল বক্তব্য দিছে। এই কথা কোৱা উচিত নহয়। দেশখন সংবিধান অনুসৰি চলি থাকে। মুছলমানসকলো আমাৰ দেশবাসী।”
প্ৰসংগক্ৰমে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণৰ পুত্ৰ নীতিশ ৰাণে ইয়াৰ পূৰ্বেও কেইবাবাৰো বিতৰ্কিত মন্তব্য কৰিছিল। শেহতীয়াকৈ ৱায়ানাদ লোকসভাৰ উপ-নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে জয়লাভ কৰাৰ পিছত তেওঁ কেৰালাক ‘মিনি পাকিস্তান’ বুলি অভিহিত কৰে।