NORTHEAST NOW (Assamese)

কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ সাম্প্ৰদায়িক মন্তব্য; সকলো মোদী উপাধিৰ লোকক চোৰ আখ্যা

March 23, 2019 7:36 pm · এন ই নাও নিউজ
কলমাক্ষ দে' পুৰকায়স্থ। ফাইল ফটো।

সুযোগ পালেই গান্ধী-নেহৰু পৰিয়ালক আক্ৰমণ কৰি অহা বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দল বিজেপিক সমালোচনা কৰি অহা কংগ্ৰেছৰে এজন বিধায়কে এইবাৰ একেই সাম্প্ৰদায়িক মন্তব্য কৰিছে ‘মোদী’ উপাধিৰ বিৰুদ্ধে।

হাইলাকান্দি জিলা কংগ্ৰেছৰ এখন সভাত আজি স্থানীয় বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয় যে মোদী উপাধি হ’লে চোৰ হ’ব পাৰি। চুৰ কৰিলেও কোনো শাস্তি ভোগ কৰিব লগীয়া নহয়।

“নীৰৱ মোদী, সুশীল মোদী, ললিত মোদী আদিকে ধৰি মোদী উপাধিৰ যিসকল লোক আছে, তেওঁলোকে \of চুৰ কৰে, তেওঁলোকৰ ওপৰত একো একশ্যন নহয়”, পুৰকায়স্থই কয়।

তেওঁ কেইবাজনো মোদীৰ নাম উল্লেখ কৰাৰ পিছত নৰেন্দ্ৰ মোদীকো টানি আনে নিজৰ বক্তব্যৰ মাজলৈ।

“আপোনাৰ টাইটলটো যদি মোদী হয়, তেন্তে আপুনি যি টি কৰিব পাৰিব”, মোদী উপাধিক লক্ষ্য কৰি বিধায়কজনৰ কটাক্ষ।

নিজৰ বক্তব্যৰ সমৰ্থনত বিধায়কজনে কেইবাজনো মোদীয়ে কেনেকৈ হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰি কৰিও বাছি গৈছে তাৰ তথ্য দাঙি ধৰে।

উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়কজনে কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসক ভোট দিবলৈ আহ্বান জনায়। সভাখন হাইলাকান্দিৰ কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল।

Related News