গুৱাহাটীত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ

19-03-19 Guwahati- CPI-M Protest (5)

গুৱাহাটীত কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ

ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ গুৱাহাটীৰ দক্ষিণ-পূৱ আঞ্চলিক কমিটিয়ে আজি গুৱাহাটী মহানগৰীত বিভিন্ন সমস্যা সমাধানৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে গুৱাহাটী মহানগৰীৰ প্ৰধান সমস্যা খোৱাপানীৰ সংকট আতৰ কৰাৰ বাবে দাবী জনায়। উন্নয়ণৰ শ্লোগান দি দিছপুৰৰ গাদী দখল কৰা চৰকাৰখনে স্বয়ং গুৱাহাটী মহানগৰীৰ খোৱাপানীৰ সমস্যা আতৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি মন্তব্য কৰে এজন প্ৰতিবাদকাৰীয়ে।

আনহাতে, অতিব্যস্ত আৰু দুৰ্ঘটনাপ্ৰৱণ অঞ্চল বশিষ্ঠ চাৰিআলি, লখৰা আৰু গড়চুকত উৰণীয়া সেতু শীঘ্ৰে নিৰ্মাণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়।

কমিউনিষ্ট পাৰ্টিৰ সমৰ্থক সকলে বিশিষ্ঠ চাৰিআলিত এখন দৈনিক বজাৰ নিৰ্মানৰ বাবে মাটি আবণ্টন দিয়া আৰু আৰু ভূমিহীন লোকসকলক শীৰ্ঘে ভূমি পট্টা প্ৰদান কৰা আদিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে প্লে-কাৰ্ড প্ৰদৰ্শন কৰি উল্লেখিত দাবী সমূহ শীঘ্ৰে সমাধান কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। সমস্যা সমূহ সমাধান নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত সহযোগিতা নকৰাৰো হুংকাৰ দিয়ে দলটোৱে।