ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ ওপজা দিনটোতে পোহৰলৈ আহিছে তেওঁৰ নামেৰে নামাংকৃত যক্ষ্মা চিকিৎসালয়ৰ দুৰৱস্থা

unnamed

উত্তৰ পূবৰ একমাত্ৰ যক্ষ্মা ৰোগ নিৰাময়ৰ প্ৰতিষ্ঠান লোকপ্ৰিয় গোপীনাথ বৰদলৈ যক্ষ্মা প্ৰতিষ্ঠান। মহানগৰীৰ বীৰুবাৰীত অৱস্থিত এই চিকিৎসালয়ত এক কদৰ্যময় পৰিবেশৰ মাজতে চিকিৎসা প্ৰদান কৰা হয় ৰোগীসকলক।

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ওপজা দিনৰ দিনটোতেই তেওঁৰ নামৰে নামাংকৃত  চিকিৎসালয়খনৰ এক জীয়া ছবি পোহৰলৈ আনিছে নৰ্থ ইষ্ট নাওৱে।

যক্ষ্মাৰোগ নিৰাময়ৰ বাবে বহু আশাৰে অহা ৰোগীসকলৰ এই কৰ্দয্যময় আৰু দুৰ্গন্ধময় পৰিবেশৰ মাজত স্বাস্থ্যৰ অৱস্থা উন্নত হ’ব নে অৱনতি ঘটিব সেয়া এক বিচাৰ্য্য বিষয়।

কচু, ঘাঁহ, বন লতাই আবৰি থকা চিকিৎসালয়খনত এক কৰ্দয্যময় অৱস্থাৰ মাজতে বৰ্তমানলৈকে চিকিৎসা প্ৰদান কৰি থকা হৈছে যক্ষ্মাৰোগীসকলক। ৰোগীৰ কক্ষ, টয়লেট, বাথৰুম এমাহলৈকে চাফা নকৰাকৈ থাকে চিকিৎসালয় কৰ্তৃপক্ষই। এই অভিযোগ আনিছে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা এজন ৰোগীয়ে।

চৌপাশে হাবি-জংঘলে আবৰি থকাত মহৰ উপদ্ৰৱো বৃদ্ধি পাইছে চিকিৎসালয়খনত। দিনে-ৰাতিয়ে ম’হৰ কামোৰণিতে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৰোগীসকলে। তাক লৈ চিন্তিত ৰোগীসকল। মহৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ ফগিংৰো কোনো ব্যৱস্থা কৰা হোৱা নাই চিকিৎসালয়খনত।

‘’আমি মহৰ কামোৰত থাকিবলগীয়া হৈছে। আঠুৱা দিছে যদিও ডাঙৰ ফুটাৰে মহ সোমাই। ফুটাটো চিলাই দিবলৈ ক’লেও কোনেও কাণসাৰ নিদিয়ে,’‘-চিকিৎসাধীন এজন ৰোগীৰ ভাষ্য।

লক্ষণীয় বিষয় যে, পুৱা ৭:৩০ মান বজাতে ৰোগীক পুৱাৰ আহাৰ দিয়াৰ বিপৰীতে দিনৰ ১১ বজাত দুপৰীয়াৰ আহাৰ আৰু নিশাৰ আহাৰ দিয়া হয় সন্ধিয়া ৫ বজাত। যাৰ বাবে ওৰেটো নিশা অনাহাৰে কটাবলগীয়া হয় যক্ষ্মাৰোগীসকলে। এয়া আমি কৰা অভিযোগ নহয়, এই অভিযোগ ৰোগীয়ে নিজেই আমাৰ আগত ব্যক্ত কৰিছে।

‘’আমাক ৰাতিপুৱা ৭:৩০ মান বজাত ব্ৰেড আৰু চাহ দিয়ে। তাৰ পাছত ১১:৩০ত ভাত দিয়ে আৰু ৫ বজাত ৰাতিৰ ভাত দিয়ে। ৰাতি আমাক একো খাবলৈ দিয়া নহয়,’‘-আন এগৰাকী ৰোগীয়ে নৰ্থ ইষ্ট নাওৰ আগত এইদৰে কয়।

মনকৰিবলগীয়া যে, ৬০ খন বিচনাযুক্ত এই চিকিৎসালয়খনৰ এক নতুন গৃহৰ দুই তিনিমাহ পূৰ্বে নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল যদিও বৰ্তমানলৈকে এই কদৰ্য্যময় অৱস্থাৰ পৰা ৰোগীসকলক স্থানান্তৰ কৰা হোৱা নাই নতুন গৃহলৈ।

এই সন্দৰ্ভত আমি চিকিৎসালয়খনৰ অধীক্ষক ডাঃ পঞ্চানন উজীৰক যোগাযোগ কৰাৰ চেষ্টা কৰিছিলো যদিও তেওঁ অসুস্থ হৈ জিৰণি লৈ ঘৰতে থকা বুলি জানিব পৰা গ’ল আৰু তেওঁৰ সৈতে যোগাযোগ কৰা সম্ভৱ নহ’ল।

এতিয়া ‘কিয় ৰোগ নিৰাময়ৰ বাবে অহা ৰোগীসকলক এক দুৰৱস্থাৰ মাজলৈ ঠেলি দিছে চিকিৎসালয় কৰ্তৃপক্ষই?’ সেয়া এক বিচাৰ্য্য বিষয়।

দক্ষ তথা প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিয়াগোম বিভাগৰ পয়ালগা ছবিয়ে প্ৰকৃতাৰ্থত উদঙাই দিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ। এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যে লক্ষণীয় হ’ব।