NORTHEAST NOW (Assamese)

Sex racket নগাঁৱত আৰক্ষীয়ে উৎখাত কৰিলে দেহ ব্যৱসায়ী চক্ৰ

December 4, 2021 8:57 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: December 4, 2021 9:01 pm

ড্ৰাগছ, মদকে ধৰি অন্যান্য বহু সামাজিক ব্যধিয়ে এতিয়া চানি ধৰিছে সমগ্ৰ ৰাজ্যক।

ইয়াৰ ব্যতিক্ৰম ঘটা নাই নগাঁৱতো। বহু অসামাজিক কামৰ ঘাটি হৈ পৰিছে নগাঁও।

ড্ৰাগছ, সুৰাই গ্ৰাস কৰা নগাঁৱত এতিয়া দেহ ব্যৱসায় এক ৰমৰমীয়া ব্যৱসায়ত পৰিণত হৈছে।

আৰক্ষীৰ চকুত ধূলি মাৰি দুষ্ট চক্ৰই চলাই গৈছে দেহ ব্যৱসায়ৰ দৰে নিষিদ্ধ কাৰ্য।

এনে সময়তে নগাঁও আৰক্ষীয়ে অভিযান চলাই এটা দেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰাৰ লগতে মহিলা-যুৱতীসহ সাতগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই আজি নগাঁৱৰ মাজৰআটি চাৰিআলিৰ লোচন বৰা নামৰ লোক জনৰ ঘৰত আচম্বিতে অভিযান চলাই দেহ ব্যৱসায়ী চক্ৰটোক হাতে-লোটে ধৰা পেলায়।

আৰক্ষীয়ে চক্ৰটোৰ সৈতে জৰিত সাতগৰাকী লোকক গ্ৰেপ্তাৰ কৰি থানালৈ আনিছে।

Related News