• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় সন্মিলন! “আন্তঃগাথঁনিৰ উন্নয়ন আৰু পৰিবেশ সুৰক্ষাৰ মাজত ভাৰসাম্যতা ৰক্ষা গুৰুত্বপূৰ্ণ”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2025 4:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“জলবায়ু পৰিবৰ্তন আধুনিক যুগৰ ঘটনা নহয়, ই প্ৰাগ ঐতিহাসিক যুগৰ পৰাই ঘটি থকা এক পৰিঘটনা। যিকোনো মহা দুৰ্যোগৰ পিছতে কিন্তু সুশৃংখল পৰিবেশৰ সৃষ্টি হ’ব‌ই”- জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত প্ৰচলিত ধাৰণাৰ উৰ্ধত গৈ চিন্তা কৰাৰ খোৰাক যোগাই গুৱাহাটীৰ নেড্‌ফি হাউছ প্ৰেক্ষাগৃহত বুধবাৰে জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ সন্মিলন উদ্বোধন কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড° অৰুপ কুমাৰ মিশ্ৰ‌ই।

এন‌ ই ফ’কাছৰ উদ্যোগত আয়োজিত “জলবায়ু পৰিবৰ্তন সন্মীলন-ভৱিষ্যতলৈ এক আহ্বান” শীৰ্ষক সন্মীলনখন উদ্বোধন কৰি বিশিষ্ট পৰিবেশ বিশেষজ্ঞ, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড° মিশ্ৰ‌ই জলবায়ু পৰিবৰ্তন তথা প্ৰদূষণ সন্দৰ্ভত বৰ্তমানেও সমাজত প্ৰকৃত সজাগতা তথা চিন্তাধাৰাৰ অভাৱ বুলি ক্ষোভ প্ৰকাশ কৰে। যি সময়ত জলবায়ু পৰিৱৰ্তনৰ দৰে বিশাল পৰিসৰৰ বিষয়ত আমি উদ্বেগ প্ৰকাশ কৰোঁ, সেই সময়ত সমাজত ঘৰুৱা আৱৰ্জনাৰ পৰা সৃষ্টি হ’ব পৰা প্ৰদূষণক লৈ আমি অৱগত নহয়।

বৰ্তমান যি জলবায়ু পৰিবৰ্তন ঘটিছে সেয়া মানৱসৃষ্ট। বৰ্তমানৰ এই মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতাৰ পৰা পৃথিৱীক সুৰক্ষা দিবলৈ কিছুমান সুক্ষ্ম বিষয়ত মনোনিবেশ কৰাত ড° মিশ্ৰ‌ই গুৰুত্ব আৰোপ কৰে।

সন্মীলনৰ আয়োজক এন ই ফ’কাছৰ সম্পাদক সংগীতা শ‍ইকীয়াই অভ্যাগত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰদূষণ তথা আনুষংগিক সমস্যাৰ বাবে জন স্বাস্থ্য লৈ অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত সজাগতা তথা আলোচনাৰ পৰিবেশ সৃষ্টিৰ উদ্দেশ্যেই এই সন্মিলনৰ আয়োজনৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে, এই এদিনীয়া সন্মিলনত কেইবাজনো বিশেষজ্ঞ‌ই সমল ব্যক্তি হিচাপে অংশ লৈছে। “আন্তঃগাথঁনি উন্নয়ন আৰু পৰিবেশ বহনক্ষমতা- উত্তৰ পূব ভাৰতৰ বাবে প্ৰত্যাহ্বান আৰু সুযোগ” আৰু “স্থানীয় কৰ্মৰাজিৰ সবলীকৰণ-সমুদায়ৰ নেতৃত্বত জলবায়ু পৰিৱৰ্তনৰ উদ্যোগ” শীৰ্ষক দুখন মননশীল আলোচনা চক্ৰ‌ও আয়োজন কৰা হৈছে এই সন্মীলনত।

 “আন্তঃগাথঁনি উন্নয়ন আৰু পৰিবেশ বহনক্ষমতা- উত্তৰ পূব ভাৰতৰ বাবে প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক আলোচনাচক্ৰখনৰ আঁত ধৰি পৰিবেশ সুৰক্ষাৰে জড়িত স্বেচ্ছাসেৱী সংগঠন “আৰণ্যক”ৰ পৰিবেশ শিক্ষা আৰু সক্ষমতা বিকাশ বিভাগৰ মুৰব্বী জয়ন্ত পাঠকে আন্তঃগাথঁনিৰ উন্নয়ন আৰু পৰিবেশ সুৰক্ষাৰ মাজত ভাৰসাম্যতা ৰক্ষাত গুৰুত্ব আৰোপ কৰে।

 এই ক্ষেত্ৰত সঠিক পৰিকল্পনাৰ প্ৰয়োজনীয়তা উল্লেখ কৰি পাঠকে পৰিকল্পনা প্ৰস্তুতৰ সময়ত আন্তঃগাথঁনি নিৰ্মাণ হ’বলগীয়া স্থান বা অঞ্চলৰ সামাজিক-সাংস্কৃতিক আৰু জৈৱ-ভৌগোলিক চৰিত্ৰ চালি জাৰি চোৱাত গুৰুত্ব দিয়ে। আনক দেখি নহয়, নিজৰ বৈশিষ্ট্যসমূহ বিবেচনা কৰি আন্তঃগাথঁনিৰ উন্নয়নৰ‌ ক্ষেত্ৰত আগবাঢ়িব লাগে বুলি পাঠকে উল্লেখ কৰে।

পাঠকৰ মন্তব্যৰ আঁত ধৰিয়ে আলোচনা চক্ৰখনৰ অন্যতম সমল ব্যক্তি অটল ইনকুবেশ্যন চেন্টাৰৰ চিইঅ’ ড° সীমান্ত কলিতাই উন্নয়নমূলক কাম-কাজৰ পৰিকল্পনাৰ সময়ত বৰ্তমানে আমাৰ কি আছে আৰু আমি কি বিচাৰিছোঁ এই দুই দিশ বিবেচনা কৰাটো জৰুৰী বুলি উল্লেখ কৰে।

উত্তৰ পূব ভাৰতৰ প্ৰসংগেৰে ড° কলিতাই উল্লেখ কৰে যে, যিহেতু এই অঞ্চলত ধান, বাহ আদি প্ৰধান শস্য, গতিকে যিকোনো উন্নয়নমূলক তথা আন্তঃগাথঁনিমূলক পৰিকল্পনাত ধান বা বাহক অৱজ্ঞা কৰিলে সেই উন্নয়ন বহনক্ষম উন্নয়ন নহ’ব। ড° কলিতাই পৰম্পৰাগত জ্ঞানৰ‌ সঠিক ব্যৱহাৰতো জোৰ দিয়ে।

অসম জলবায়ু পৰিবৰ্তন প্ৰবন্ধকৰ জেষ্ঠ কনচালটেন্ট ৰিজৱান উজ জামানেও গতিশীল ব্যৱস্থাৰ চিন্তাধাৰাৰে পৰিকল্পনা প্ৰস্তুতত গুৰুত্ব দিয়ে। বিশিষ্ট পৰিবেশ বিশেষজ্ঞ জামানে উত্তৰ পূব ভাৰতৰ দৰে সংবেদনশীল পৰিবেশক লৈ যিকোনো উন্নয়নমূলক কামৰ পৰিকল্পনাৰ সময়ত প্ৰধান উদ্বেগৰ বিষয়বোৰ গুৰুত্ব সহকাৰে ল’ব‌ লাগিব। জামানে “মিছন লাইফ”ৰ ৭৫টা পৰামৰ্শ অনুসৰণ কৰাৰ ওপৰতো গুৰুত্ব দিয়ে।

ইফালে,  “স্থানীয় কৰ্মৰাজিৰ সবলীকৰণ-সমুদায়ৰ নেতৃত্বত জলবায়ু পৰিৱৰ্তনৰ উদ্যোগ” বিষয়ৰ অন্য এক আলোচনাত অংশ লৈ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী ড° নিবেদিতা গুৰুৱে উত্তৰ পূব ভাৰতত পৰিবেশ সংৰক্ষণ তথা সংবৰ্ধনত সমুদায় হিচাপে ৰাইজৰ অংশ গ্ৰহণে অনা বিভিন্ন সফল প্ৰকল্পৰ উদাহৰণ দাঙি ধৰে। এই সন্দৰ্ভতে বিজ্ঞানী ড° নিবেদিতা গুৰুৱে “জলবায়ু পৰিবৰ্তন গোলকীয় সমস্যা, কিন্তু সমাধান স্থানীয় ভাবে”হে হ’ব বুলি গভীৰ অৰ্থবহ মন্তব্য কৰে।

একেটা বিষয়তে টাটা ইনষ্টিটিউট অৱ চ’চিয়েল চায়েন্সৰ সহকাৰী প্ৰবক্তা ড° ৰিতুস্মিতা গোস্বামীয়েও অংশলৈ ব্যক্তিগত পৰ্যায়ত আমি কেনেকৈ জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে অৱদান আগবঢ়াব পাৰোঁ সেই সন্দৰ্ভত বাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে, অগ্ৰণী নিউজ পোৰ্টেল এন ই ফ’কাছৰ ডট কমৰ উদ্যোগত আয়োজিত এই পৰিবেশ সম্পৰ্কীয় সন্মীলনত মহানগৰীৰ কেবাখনো আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd