বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কটনৰ চৰম সংঘাত কেনে আছিল?

দুই চিৰ বৈৰী! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা VS অখিল গগৈ।

ছাত্ৰাৱস্থাৰ পৰাই দুই চিৰ বৈৰীৰ সংঘাত আছিল।

বৰ্তমান ইয়াৰ প্ৰতিফলন বিধানসভাৰ মজিয়াত।
দুয়োগৰাকীৰ মাজত আছে পূৰ্বৰে পৰা আদৰ্শগত সংঘাত।

কটনত কেনে সম্পৰ্ক আছিল অখিল আৰু হিমন্তৰ?

জানিব পৰা মতে, দুইজনৰ মাজত আছিল অহি-নকুল সম্পৰ্ক।

যুৱ লেখক তথা সাংবাদিক মৃদুল কুমাৰ সন্দিকৈয়ে তেওঁৰ গ্ৰন্থৰ জৰিয়তে বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কটনৰ সংঘাত সম্পৰ্কে বিস্তৃতৰূপত উল্লেখ কৰিছে।

অখিল গগৈ কটন কলেজলৈ আহি যিসকল ব্যক্তিক লগ পাইছিল, তাৰ ভিতৰত অন্যতম আছিল হিমন্ত বিশ্ব শৰ্মা। অখিল গগৈ কটন কলজলৈ আহি যিসকল মানুহক লগ পাই লাহে লাগে পলিটিচিয়ান হৈ উঠিছিল এই গোটেই কাহিনীটোত মেইন যিটো চৰিত্ৰ আছিল, সেইটো আছিল হিমন্ত বিশ্ব শৰ্মা।

অখিল গগৈৰ মতে কটন কলেজত বহি লৈ কটন কলেজৰ ৰাজনীতিৰপৰা গোটেই কলেজ আৰু ইউনিভাৰ্ছিটীৰ ৰাজনীতিটো নিয়ন্ত্ৰণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। এই কথা বিশেষ গ্ৰন্থ হিমন্ত বিশ্ব শৰ্মা শৈশৱৰ পৰা মুখ্যমন্ত্ৰীলৈকে উল্লেখ কৰিছে লেখক মৃদুল কুমাৰ সন্দিকৈয়ে।

গ্ৰন্থত উল্লেখ থকা অনুসৰি কটন কলেজৰ পৰা বাহিৰ ওলায়ো নিজৰ প্ৰভুত্ব ৰাখিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে!

হিমন্তৰ নেতৃত্বত দিচপুৰৰ পৰা চলিছিল কটন কলেজ।
কটন কলেজৰ নামভৰ্তিৰ নামত দুৰ্নীতি কৰিছিল নেকি হিমন্তই?

অখিল গগৈয়ে এক সাক্ষাৎকাৰত এইসমূহ কথা উল্লেখ কৰা বুলি লেখকে তেওঁৰ গ্ৰন্থত উল্লেখ কৰে।

অখিল গগৈয়ে কটন কলেজত নামভৰ্তিৰ নামতো দুর্নীতি হোৱাৰ কথা ব্যক্ত কৰিছিল।

তেওঁৰ অভিযোগ অনুসৰি কটন কলেজখন দিছপুৰৰপৰাহে চলি আছিল।

সেই দিনবোৰৰ কথা মনত পেলাইছিল অখিল গগৈয়ে এইদৰে— “যেতিয়া কটন কলেজলৈ আহিলোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ উপদ্ৰৱ দেখিলোঁ, তেতিয়ালৈকো আমি একেবাৰে আদৰ্শবান মানুহ। কোনো কথাতে দুর্নীতি সহ্য নকৰোঁ। দেখিলোঁ যে কটন কলেজত এডমিশ্যনতো দুর্নীতি হয়। আৰু সেইটো পলিটিকেল এডমিশ্যন দিব পাৰে।

কটন কলেজত বিভিন্ন ধৰণৰ কাম-কাজবোৰৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বা আদর্শত দিছপুৰৰপৰা আচলতে কটন কলেজখন চলি থাকে। সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল।

কংগ্ৰেছৰ বিৰুদ্ধে কটনত এটা প্রগতিশীল শক্তিক অখিল গগৈয়ে থিয় কৰাইছিল।

দিছপুৰৰ পৰা কটন কলেজ নিয়ন্ত্ৰণ হোৱাটো হেনো তেওঁলোকে বিচৰা নাছিল।

লাহে লাহে অখিল গগৈয়ে ছাত্ৰ-ৰাজনীতিত প্ৰৱেশ কৰিছিল। আৰু কটনিয়ানৰ সম্পাদক হৈছিল। এনেদৰেই হেনো এণ্টী কংগ্ৰেছৰ গ্ৰুপটোৰ লীডাৰ হৈ পৰিছিল অখিল গগৈ। এই কথা গ্ৰন্থত উল্লেখ কৰে মৃদুল সন্দিকৈয়ে।

অখিল গগৈক শাৰিৰীকভাৱে আক্ৰমণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই!

আলোচনী সম্পাদকৰূপে জয়ী হোৱাৰ পাছদিনা
দীঘলী পুখুৰীৰ পাছত অখিলৰে সৈতে হিমন্ত বিশ্ব শৰ্মাৰ হৈছিল সংঘাত।

কোনে হাত কাটি পেলোৱাৰ হুংকাৰ দিছিল অখিল গগৈক?

গ্ৰন্থখনৰ এই অংশলৈ মন কৰক…. য’ত লিখা আছে
অখিল গগৈৰ অভিযোগ— “দীঘলীপুখুৰীৰ পাৰত শাৰীৰিকভাৱে আক্রমণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছৰ জৰিয়তে দিছপুৰৰপৰা কটন কলেজক নিয়ন্ত্ৰণ কৰা ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিছিলোঁ। ফাৰ্ষ্ট ইয়াৰত মাত মাতিলোঁ ষ্টাডী ছার্কোলৰ জৰিয়তে। তাৰপাছত ডিগ্ৰী ছেকেণ্ড ইয়াৰত হোষ্টেলত  আৰু কলেজৰ যিবোৰ এণ্টী কংগ্ৰেছী মানুহ আছিল সিবিলাকে ক’লে যে তই মেগাজিন ছেক্ৰেটাৰী হ’বি। মই এডিটৰ কটনীয়ান হিচাপে জয়ী হ’লোঁ। জয়ী হোৱাৰ পাছতে মোৰ ৰেছপন্সিবিলিটী আহি গ’ল যে মই এন্টি কংগ্ৰেছ গ্ৰুপটোৰ লিডাৰ হৈ গ’লোঁ। মই যিদিনা কটন কলেজৰ মেগাজিন ছেক্ৰেটাৰী হিচাপে জয়লাভ কৰিছিলোঁ, তাৰ সম্ভৱত পিছদিনা মোক হিমন্ত বিশ্ব শৰ্মাই দীঘলীপুখুৰী পাৰত ফিজিকেলী এটেক কৰিছিল।

“তেওঁলোকৰ কেণ্ডিডেট সেইটো ক্ষেত্ৰত হাৰি গ’ল। আমি জি এছ জিকিব নোৱাৰিলেও কিন্তু ৰাজনীতিটো মূলতঃ মই কণ্ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিলোঁ। মানে মোৰ নেতৃত্বত বিৰোধী ৰাজনীতিটো তাত প্ৰতিষ্ঠা হৈ গ’ল। মোক ফিজিকেল এটেক কৰাক লৈ হুলস্থূল হৈ গ’ল। মই শুনা মতে হিতেশ্বৰ শইকীয়ায়ো এই কথাটোত বেয়া পালে তেখেতক।” গ্ৰন্থত উল্লেখ।গ্ৰন্থত উল্লেখ থকা অনুসৰি “তাৰ দুদিনমানৰ পাছত বৰ্তমানৰ এছ পি, হিমন্ত বিশ্ব শৰ্মাৰ বডীগাৰ্ডৰ দৰে থাকে তেতিয়া। ৰাজেন সিঙে এদিন আহি মোক ক’লে যে অখিল তই যদি হিমন্ত দাৰ বিৰোধিতা কৰ হাতখন কাটি দিম । তাৰ মাজতো আমি থাকিলোঁ। অহা বাৰ কটন কলেজত মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে প্রতিদ্বন্দ্বিতা কৰিলোঁ।

“এনেদৰেই বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংঘাতৰ বিভিন্ন দিশ গ্ৰন্থখনত উল্লেখ কৰিছে লেখক মৃদুল কুমাৰ সন্দিকৈয়ে। অখিল গগৈ কাৰাগাৰত থকাৰ সময়ত তেওঁক মানসিক ৰোগী হিচাপে সজাবলৈ চেষ্টা কৰাৰ পৰা আৰম্ভ কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে বিভিন্ন সময়ত সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।