ভাৰতীয় কাৰাগাৰত জাতিভিত্তিক ব্যৱস্থা বিলুপ্ত কৰাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ জাৰি হোৱাৰ সাত মাহ পাছতো ইয়াৰ প্ৰয়োগ সন্দৰ্ভত বিভ্ৰান্তি অব্যাহত আছে। গৃহ মন্ত্ৰালয়ে উচ্চতম ন্যায়ালয়ৰ সংশোধিত নিৰ্দেশ ৰাজ্যসমূহলৈ প্ৰেৰণ কৰাত ব্যৰ্থ হোৱাৰ ফলত, বহুতো কাৰাগাৰে ইতিমধ্যে বন্দীৰ তথ্য পঞ্জীয়নত জাতি উল্লেখ কৰা বন্ধ কৰিছে। আনহাতে এই তথ্য আঁতৰাই পেলালে তথ্য সংগ্ৰহ প্ৰক্ৰিয়াত বাধা সৃষ্টি হ’ব বুলি মত প্ৰকাশ কৰিছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এনচিআৰবি)-এ।
২০২৩ চনৰ ৩ অক্টোবৰত, তেতিয়াৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচুড়, ন্যায়াধীশ জে.বি. পাৰদিৱালা, আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে কাৰাগাৰৰ পঞ্জীত জাতিগত স্তম্ভ বিলুপ্ত কৰিবলৈ নিৰ্দেশ দিছিল। সাংবাদিক সুকন্যা শান্তৰ আবেদনৰ ভিত্তিত এই ৰায় দিয়া হৈছিল।
পিছত আবেদনকাৰীয়ে জাতিৰ তথ্য আঁতৰালে কাৰাগাৰত থকাসকলৰ সমাজ-আৰ্থিক অৱস্থা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য নোহোৱা হ’ব বুলি যুক্তি দৰ্শাই। এনচিআৰবিয়ে ৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ত দাখিল কৰা পত্ৰত উল্লেখ কৰে যে তথ্য সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ জাতি ভিত্তিক তথ্য দৰকাৰ। যদিও এতিয়ালৈ এনচিআৰবিয়ে আনুষ্ঠানিক শপতনামা দাখিল কৰা নাই, তথাপিও গৃহ মন্ত্ৰালয়ে সংশোধিত নিৰ্দেশ স্পষ্ট নকৰাৰ বাবে বহুতো ৰাজ্যই ইতিমধ্যে জাতিৰ তথ্য লোৱা বন্ধ কৰিছে।
উল্লেখ্য যে ২০২০ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত এক অনুসন্ধানমূলক প্ৰতিবেদনৰ ভিত্তিত এই গোচৰটো আৰম্ভ হৈছিল। প্ৰথমে ৰাজস্থান উচ্চ ন্যায়ালয়ে স্বতঃপ্ৰেৰিত (suo motu) আদেশ দিয়ে। ইয়াৰ পিছতে আবেদনকাৰীয়ে আন ৰাজ্যৰ অনুৰূপ নিয়ম বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
এই আবেদনখনত বিভিন্ন কাৰাগাৰত চলি থকা জাতিভিত্তিক বৈষম্যমূলক প্ৰথাসমূহ – জাতিভিত্তিক শ্ৰম বিভাজন, জাতিভিত্তিক বন্দী আৰু কৰ্তৃপক্ষৰ পৃথকীকৰণ, চিনাক্ত কৰা জনজাতিসকলৰ ওপৰত বৈষম্যমূলক নিয়ম প্ৰয়োগ অদি উদঙাই দিয়া হৈছিল।
উচ্চতম ন্যায়ালয়ে ৮ এপ্ৰিলত এনচিআৰবিক এই সন্দৰ্ভত চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মূল গোচৰটো নিষ্পত্তি হোৱাৰ পিছতে আদালতে ইয়াৰ পৰিসৰ বহল কৰি লিংগ, শাৰীৰিক সক্ষমতা, আৰু অন্যান্য বৈষম্যকো অন্তৰ্ভুক্ত কৰিছে। এতিয়া এই গোচৰৰ নতুন শিৰোনাম দিয়া হৈছে ‘ভাৰতীয় কাৰাগাৰত বৈষম্য সন্দৰ্ভত’।