• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাৰাগাৰত জাতি ব্যৱস্থাৰ অন্ত পেলোৱাৰ নিৰ্দেশৰ সাত মাহ পাছতো বিভ্ৰান্তি অব্যাহত

এন ই নাও নিউজ, গুৱাহাটি by এন ই নাও নিউজ, গুৱাহাটি
April 10, 2025 12:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় কাৰাগাৰত জাতিভিত্তিক ব্যৱস্থা বিলুপ্ত কৰাৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ জাৰি হোৱাৰ সাত মাহ পাছতো ইয়াৰ প্ৰয়োগ সন্দৰ্ভত বিভ্ৰান্তি অব্যাহত আছে। গৃহ মন্ত্ৰালয়ে উচ্চতম ন্যায়ালয়ৰ সংশোধিত নিৰ্দেশ ৰাজ্যসমূহলৈ প্ৰেৰণ কৰাত ব্যৰ্থ হোৱাৰ ফলত, বহুতো কাৰাগাৰে ইতিমধ্যে বন্দীৰ তথ্য পঞ্জীয়নত জাতি উল্লেখ কৰা বন্ধ কৰিছে। আনহাতে  এই তথ্য আঁতৰাই পেলালে তথ্য সংগ্ৰহ প্ৰক্ৰিয়াত বাধা সৃষ্টি হ’ব বুলি মত প্ৰকাশ কৰিছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এনচিআৰবি)-এ।

২০২৩ চনৰ ৩ অক্টোবৰত, তেতিয়াৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচুড়, ন্যায়াধীশ জে.বি. পাৰদিৱালা, আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে কাৰাগাৰৰ পঞ্জীত জাতিগত স্তম্ভ বিলুপ্ত কৰিবলৈ নিৰ্দেশ দিছিল। সাংবাদিক সুকন্যা শান্তৰ আবেদনৰ ভিত্তিত এই ৰায় দিয়া হৈছিল।

Apply Now

পিছত আবেদনকাৰীয়ে জাতিৰ তথ্য আঁতৰালে কাৰাগাৰত থকাসকলৰ সমাজ-আৰ্থিক অৱস্থা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য নোহোৱা হ’ব বুলি যুক্তি দৰ্শাই। এনচিআৰবিয়ে ৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ত দাখিল কৰা পত্ৰত উল্লেখ কৰে যে তথ্য সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ জাতি ভিত্তিক তথ্য দৰকাৰ। যদিও এতিয়ালৈ এনচিআৰবিয়ে আনুষ্ঠানিক শপতনামা দাখিল কৰা নাই, তথাপিও গৃহ মন্ত্ৰালয়ে সংশোধিত নিৰ্দেশ স্পষ্ট নকৰাৰ বাবে বহুতো ৰাজ্যই ইতিমধ্যে জাতিৰ তথ্য লোৱা বন্ধ কৰিছে।

উল্লেখ্য যে ২০২০ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত এক অনুসন্ধানমূলক প্ৰতিবেদনৰ ভিত্তিত এই গোচৰটো আৰম্ভ হৈছিল। প্ৰথমে ৰাজস্থান উচ্চ ন্যায়ালয়ে স্বতঃপ্ৰেৰিত (suo motu) আদেশ দিয়ে। ইয়াৰ পিছতে  আবেদনকাৰীয়ে আন ৰাজ্যৰ অনুৰূপ নিয়ম বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

এই আবেদনখনত বিভিন্ন কাৰাগাৰত চলি থকা জাতিভিত্তিক বৈষম্যমূলক প্ৰথাসমূহ – জাতিভিত্তিক শ্ৰম বিভাজন, জাতিভিত্তিক বন্দী আৰু কৰ্তৃপক্ষৰ পৃথকীকৰণ, চিনাক্ত কৰা জনজাতিসকলৰ ওপৰত বৈষম্যমূলক নিয়ম প্ৰয়োগ অদি উদঙাই দিয়া হৈছিল।

উচ্চতম ন্যায়ালয়ে ৮ এপ্ৰিলত এনচিআৰবিক এই সন্দৰ্ভত চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মূল গোচৰটো নিষ্পত্তি হোৱাৰ পিছতে আদালতে ইয়াৰ পৰিসৰ বহল কৰি লিংগ, শাৰীৰিক সক্ষমতা, আৰু অন্যান্য বৈষম্যকো অন্তৰ্ভুক্ত কৰিছে। এতিয়া এই গোচৰৰ নতুন শিৰোনাম দিয়া হৈছে ‘ভাৰতীয় কাৰাগাৰত বৈষম্য সন্দৰ্ভত’।

এন ই নাও নিউজ, গুৱাহাটি

এন ই নাও নিউজ, গুৱাহাটি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd