NORTHEAST NOW (Assamese)

অৰুণাচলত কিৰেন ৰিজিজুৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন মুখ্য মন্ত্ৰী নাবাম টুকীয়ে

March 17, 2019 6:28 pm · অনুপ শৰ্মা
Updated: March 17, 2019 6:30 pm
অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নাবাম টুকী। ফটো : নৰ্থ-ইষ্ট নাও

আকৰ্ষণীয় হ’ব পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লোকসভা নিৰ্বাচনৰ যুঁজ। সাংসদ তথা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুক প্ৰত্যাহ্বান জনাই অৰুণাচল পশ্চিম লোকসভা সমষ্টিটোৰ বাবে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বৰ্ষীয়ান নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নাবাম টুকীক।

বিজেপিয়ে এই পৰ্যন্ত সমষ্টিটোৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও পুনৰ এবাৰ দলটোৱে কিৰেন ৰিজিজুকে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা আছে। ইফালে বৰ্তমান কংগ্ৰেছৰ দখলত থকা অৰুণাচল পূব লোকসভা সমষ্টিটোৰ বাবে বিজেপিৰ হৈ চৰ্চাত আছে ৰাজ্যিক সভাপতি টাপিৰ গাওৰ নাম।

বৰ্তমানৰ অৰুণাচল পূব লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা নিনং এৰিং ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ ঘূৰি অহাৰ মন মেলাৰ বাবেই সমষ্টিটোত কংগ্ৰেছে ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী জেমছ লোৱাংছা ৱাংলেটক প্ৰাৰ্থিত্ব প্ৰদান কৰে।

লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যখনত অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনত পাচীঘাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ নেতা তথা সাংসদ নিনং এৰিঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

উল্লেখ্য যে পশ্চিম লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নাবাম টুকী ২০১১ৰ পৰা ২০১৬ চনলৈ অৰুণাচলৰ মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ বিপৰীতে পূব সমষ্টিৰ প্ৰাৰ্থী ৱাংলেটে গৃহ, বিত্তৰ লগতে অসামৰিক যোগান বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰাৰ অভিজ্ঞতা আছে।

কংগ্ৰেছী নেতা ৱাংলেট, আঞ্চলিক ৰাজনৈতিক দল পিপলছ পাৰ্টি অব অৰুণাচলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকো আছিল। তেওঁ অৰুণাচল বিধানসভালৈ চাৰিবাৰ নিৰ্বাচিত হৈছে।

Related News