বিজেপি, কংগ্ৰেছ বা আমছুৰ দৰে দল-সংগঠনে হাজেলাক সমালোচনা কৰাৰ অধিকাৰ নাই : মৃণাল হাজৰিকা

Mrinal Hazarika And Prateek Hazela

আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফটো : নৰ্থইষ্ট নাও

‘‘বিজেপি, কংগ্ৰেছ আমছু অথবা অন্যান্য দল-সংগঠনে প্ৰতীক হাজেলাক দোষাৰোপ, সমালোচনা কৰাৰ অধিকাৰ থাকিব নালাগে,’’- মঙ্গলবাৰে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই এই মন্তব্য কৰে।

উল্লেখ্য যে, যোৱা ৩১ মে’ৰ দিনা আলফাৰ নেতাগৰাকীয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰি কৈছিল যে বৰাকত যিখিনি চৰকাৰী চাকৰিয়াল তথা বিষয়া কৰ্মচাৰী আছে, সেইখিনি তাৰ স্থানীয় মানুহ। তেওঁলোকৰ আবেগ বিধেয়কখনৰ সপক্ষত। তেওঁলোকেই যিহেতু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কৰি আছে, এনে পৰিপ্ৰেক্ষিতত হিন্দু বাংলাদেশীৰ নাম তেওঁলোকে যিকোনো প্ৰকাৰে অন্তৰ্ভুক্ত কৰাটো স্বাভাৱিক।

তাৰ বিপৰীতে তেওঁ মঙ্গলবাৰে  প্ৰতীক হাজেলাৰ প্ৰতি সমৰ্থন আগবঢ়াই কয় যে প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত নিজৰ দায়িত্ব পালন কৰি আছে, সেইক্ষেত্ৰত অন্য কোনো ৰাজনৈতিক দল-সংগঠনৰ তেওঁক সমালোচনা অথবা দোষাৰোপৰ কৰাৰ অধিকাৰ নাই।

আনহাতে,  এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা পৰামৰ্শৱলীত অগ্ৰাহ্য কৰিবলৈ অনুৰোধ জনোৱা ৫ প্ৰকাৰৰ নথি হৈছে ক্ৰমে- (১) ১৯৫১ চনৰ এন আৰ চি, (২) ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰ ভোটাৰ তালিকা, (৩) ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগতে লাভ কৰা নাগৰিকত্বৰ প্ৰমাণ পত্ৰ, (৪) ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ আৰু (৫)১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ ৰেচন কাৰ্ড।

ইপিনে, বৈধ নথি হিচাপে গ্ৰাহ্য কৰিবলৈ হাজেলাই আগ বঢ়োৱা পৰামৰ্শত অন্তৰ্ভুক্ত হৈছে ১৯৭১ চনৰ আগৰ (১) মাটিৰ নথি, (২) স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, (৩) পাছপৰ্ট, (৪) বীমাৰ নথি, (৫)চৰকাৰী অনুজ্ঞাপত্ৰ, (৬) চৰকাৰী চাকৰিৰ প্ৰমাণ পত্ৰ, (৭) বেংক বা ডাকঘৰৰ পাছবুক, (৮) জন্মৰ প্ৰমাণ পত্ৰ, (৯) ব’ৰ্ড, বিশ্ববিদ্যালয়ৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ আৰু (১০) আদালতৰ নথি।

প্ৰতীক হাজেলাই উক্ত নথি-পত্ৰসমূহ গ্ৰাহ্য কৰিবলৈ উচ্চতম ন্যায়ালয়ক পৰামৰ্শ প্ৰদান কৰাৰ ঘটনাটো পোহৰলৈ অহাৰ পাছতেই বিজেপি, কংগ্ৰেছ, এআইইউডিএফ, আমছুকে ধৰি অন্য দল-সংগঠনৰ ৰোষত পৰে তথা উক্ত দল-সংগঠনৰ নেতৃবৰ্গই তেওঁক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

তাৰ বিপৰীতে, মৃণাল হাজৰিকাই হাজেলাৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে কয়, ‘এনআৰচিৰ দুখনকৈ খচৰাৰ তালিকা প্ৰকাশ পালে যদিও সংলগ্ন থকা বৃহৎ পৰিমাণৰ নথি-পত্ৰৰ ক্ষেত্ৰত জালিয়তি হৈছে। তাৰ ভিত্তিতে তেওঁ বহুখিনি বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ত সমগ্ৰ কথাবোৰ অৱগত কৰিছে।‘

তেওঁ লগতে কয়, ‘উ্চতম ন্যায়ালয়ে হাজেলাই কোৱা নথি-পত্ৰখিনি গ্ৰহণ কৰিব নে নকৰে, সেই কথা বিবেচনা কৰিব।‘

আনহাতে, কংগ্ৰেছ, বিজেপিকে ধৰি অন্য বহুতো ৰাজনৈতিক দলে ভোটবেংকৰ স্বাৰ্থতে হাজেলাৰ এই পদক্ষেপৰ বিৰোধিতা কৰি তেওঁক সমালোচনা কৰা বুলি মত প্ৰকাশ কৰে।

তেওঁ কয়, ‘কংগ্ৰেছে ইমান দিনে মুছলমান বাংলাদেশী ভোটৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰাজত্ব কৰি আহিছে। এতিয়া বিজেপি আহিছে, তেওঁলোকে হিন্দু বাংলাদেশী ভোটৰ ওপৰত নিৰ্ভৰ কৰি ৰাজত্ব কৰাৰ পলিচি কৰি আছে।‘

তদুপৰি তেওঁ আমছুকো বাংলাদেশী মুছলমানৰ ৰক্ষণাবেক্ষণ দিয়া বুলি উল্লেখ কৰি লগতে কয়, ‘’সমান্তৰালকৈ আমছুকে ধৰি অন্যান্য যিবোৰ সংখ্যালঘু সংগঠন আছে, সেইসমূহে বাংলাদেশীৰ পক্ষত থাকি তেওঁলোকে স্বাৰ্থৰ বাবেই এনেধৰণে বিৰোধ কৰি আছে।‘’

উল্লেখ্য যে, এন আৰ চিৰ মডেলিটি প্ৰস্তুত কৰাৰ সময়ত এতিয়া প্ৰতীক হাজেলাই বৈধ বলি গ্ৰাহ্য কৰিবলৈ দিয়া ১০ প্ৰকাৰৰ নথি আৰু অগ্ৰাহ্য কৰিবলৈ পৰামৰ্শ দিয়া ৫ প্ৰকাৰৰ নথি মিলাই মুঠ ১৫ প্ৰকাৰৰ নথিক বিভিন্ন দল-সংগঠনেৰে  আলোচনামৰ্মে বৈধ হিচাপে ঘোষণা কৰা হৈছিল। লগতে হাজেলাৰ পৰামৰ্শই অসম চুক্তিক অৱমাননা কৰিছে বুলিও আমছুৰ নেতা আজিজুৰ ৰহমানে মন্তব্য কৰিছিল।