কংগ্ৰেছ-আআইইউডিএফৰ মিত্ৰতা হ’লেও মুখ্যমন্ত্ৰী হ’ব কংগ্ৰেছৰ পৰাই, কোনে ক’লে?

congress_g

অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনত  কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা প্ৰায় চুড়ান্ত হোৱাৰ পথত।

এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলেও চিকিৎসাধীন অৱস্থাত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ খবৰলৈ মিত্ৰতা হ’ব বুলি সজোৰে দাবী কৰিছে।

গগৈয়ে চিকিৎসালয়ৰ পৰা ওলোৱাৰ পিছতে মিত্ৰতা সম্পৰ্কীয় সকলো কথা চুড়ান্ত কৰা হ’ব বুলি আজমলে কৈছে।

এই খিনিতে বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে যে যদি কংগ্ৰেছ-আআইইউডিএফৰ মিত্ৰজোঁটৰ চৰকাৰ হয় তেন্তে মুখ্যমন্ত্ৰী কোনটো দলৰ পৰা হ’ব?

বহুতৰে মনত জাগি উঠা এনে চিন্তাৰ মোখনি মাৰি আআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কৈছে যে যদি কংগ্ৰেছ-আআইইউডিএফৰ মিত্ৰ জোঁটৰ চৰকাৰ হয় তেন্তে মুখ্যমন্ত্ৰী হ’ব কংগ্ৰেছৰ পৰাই।

অৱশ্যে সৰু দল হ’লে কংগ্ৰেছে যাতে আআইইউডিএফক অৱজ্ঞা নকৰে অথবা কোনো কাৰণতে বঞ্চিত নক’ৰে সেই কথা বোৰ কংগ্ৰেছে মনত ৰখা ভাল হ’ব বুলিও তেওঁ প্ৰকাশ কৰিছে।

দুয়োটা দলে শীঘ্ৰে আনুষ্ঠানিক ভাবে মিত্ৰতাৰ দোলেৰে বান্ধ খোৱাৰ সময় চাপি আহিছে বুলিও আআইইউডিএফৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

ইপিনে কংগ্ৰেছ-আআইইউডিএফৰ  হ’বলগীয়া মিত্ৰতাক অশুভ মিত্ৰতা বুলি ৰাইজক পতিয়ন নিওৱাৰ চেষ্টাত ব্ৰতী হৈছে বিজেপি।