NORTHEAST NOW (Assamese)

বৰপেটাৰোডত ৰাজীৱ ভৱনত বিজেপিৰ পতাকা আৰি থোৱাক লৈ কংগ্ৰেছ-বিজেপিৰ মাজত বোকা ছটিওৱা খেল

May 27, 2019 8:22 pm · এন ই নাও নিউজ
বৰপেটাৰোডত ৰাজীৱ ভৱনত উৰিল বিজেপিৰ কাৰ্যালয়

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত বৰপেটাৰোডৰ ৰাজীৱ ভৱনত বিজেপিৰ পতাকা আৰি থোৱাক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত অব্যাহত আছে পৰস্পৰে পৰস্পৰক বোকা ছটিওৱাৰ খেল।

ঘটনা সন্দৰ্ভত ২৬ মে’ত বৰপেটাৰোড মণ্ডল বিজেপিৰ সভাপতি ৰাজেশ সৰকাৰে প্ৰেজ বিবৃতিযোগে কোনো দুষ্ট চক্ৰই বিজেপিৰ ভাৱমুৰ্তি বিনষ্ট কৰাৰ বাবে এনে কাৰ্য্য সংঘটিত কৰা বুলি উল্লেখ কৰে।

আনহাতে, বিজেপিৰ প্ৰেছ বিবৃতিৰ পাছত আজি বৰপেটাৰোড মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰাও সভাপতি প্ৰদীপ সাহাই এখন প্ৰেছ বিবৃতি প্ৰকাশ কৰে।

কংগ্ৰেছে প্ৰকাশ কৰা প্ৰেছ বিবৃতিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলো কৰ্মীয়ে সকলো ৰাজনৈতিক দলৰ কাৰ্য্যালয়ক পৱিত্ৰ স্থান হিচাপে গন্য কৰ বুলি উল্লেখ কৰি বিজেপি দলৰ কৰ্মকাণ্ডই দুষ্কৃতিকাৰীক উৎসাহিত কৰাহে পৰিলক্ষিত হৈছে বুলি কয়।

তদুপৰি সাহাই জিলা প্ৰশাসনক ঘটনাৰ উচিত তদন্ত কৰি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি শাস্তি দিয়াৰ বাবে দাবী জনায়।

সমগ্ৰ ভাৰতত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা পোৱাৰ সময়ত বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক বিপুল ভোটৰ ব্যৱধানত পৰাস্ত কৰি সাংসদ হিচাপে নিৰ্বাচিত হয়।

Related News