মাৰ্ঘেৰিটাত তিনি সহস্রাধিক সমৰ্থকসহ কংগ্রেছ প্রাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিৰ মনোনয়ন পত্র দাখিল

Videoframe_20210309_183453_com.huawei.himovie.overseas

বিশাল ৰেলীৰে মনোনয়ন দাখিল কৰিবলৈ যোৱাৰ সময়ত মাৰ্ঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁঞি। ফটো: নৰ্থইষ্ট নাও।

বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে সমৃদ্ধ হৈ মঙলবাৰে ঢোলে ডগৰে বিভিন্ন সাংস্কৃতিক দলেৰে সমদল কৰি আহি উত্তৰ মাৰ্ঘেৰিটা নামঘৰত সেৱা লৈ মাৰ্ঘেৰিটাৰ কংগ্রেছ প্রাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিয়ে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ত মহকুমাধিপতি সম্প্ৰতি গোস্বামীৰ হাতত মনোনয়ন দাখিল কৰে।

মাকুম বাগান তিনিআলিস্থিত কংগ্রেছ ভৱনৰ পৰা ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথেদি প্ৰায় ৩কিঃমিঃ পথ পদযাত্ৰা কৰি  বৰগোহাঁঞিয়ে মনোনয়ন পত্র দাখিল কৰে।

বিগত সময়চোৱাত মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্রাৰ্থিত্বকেন্দ্রিক সংঘাতত জৰ্জৰিত হোৱা কংগ্রেছ দলৰ মনোনয়ন পত্র দাখিলৰ সময়ত  বিৰোধ কৰি থকা  প্রাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা ৰুবুল গগৈয়ে সংগ দিয়াটো বিশেষ তাৎপৰ্য বহন কৰিছে।

সমদলৰ সময়ত জ্যেষ্ঠ কংগ্রেছ নেতা সৰোজ ৰয়, নৃপেন ৰয়, আৰু যুৱ কংগ্রেছৰ নেতৃবৃন্দৰ লগতে ব্লক মণ্ডলৰ তাৰা প্রসাদ দিহিঙীয়া সহ প্রায় ত্রিসহস্রাধিক লোকে অংশ গ্রহণ কৰে।

যিসময়ত মাৰ্ঘেৰিটাত কংগ্রেছ প্রায় শূন্য হোৱা বুলি চৰ্চা চলিছে তেনে সময়ত এই সমদলে সমাগত নিৰ্বাচনত কংগ্রেছ দলক যে উলাই কৰাটো কঠিন হ’ব তাকে প্রমান কৰে।

কংগ্রেছ প্রাৰ্থী গৰাকীয়ে সমষ্টিৰ সকলো ভাষা-ভাষী, জাতি-জনগোষ্ঠীৰ ৰাইজৰ আশীৰ্বাদ বিচাৰি কয় যে ৰাইজে পৰিবৰ্তন বিচাৰিছে আৰু কংগ্রেছ দলক নিশ্চয় আশীৰ্বাদ দিব।

আনহাতে, প্রথম পৰ্যায়ত অৰ্থাৎ ২৭ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হব লগা ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মনোনয়ন দাখিলৰ অন্তিম দিনা পাঁচ খন মনোনয়ন পত্র দাখিল হয়।

কংগ্রেছৰ মনোৰঞ্জন বৰগোহাঁঞি, অসম জাতীয় পৰিষদৰ সঞ্জয় কুমাৰ দেৱৰ লগতে নিৰ্দলীয় প্রাৰ্থী ক্ৰমে ইগনুচ এক্কা, ৰন্টু সোণোৱাল আৰু ভোগেশ্বৰ শ্যামে  মনোনয়ন দাখিল কৰে।

সেইদৰে, সোমবাৰে বিজেপি প্রাৰ্থী ভাস্কৰ শৰ্মাই মনোনয়ন দাখিল কৰিছিল। মাৰ্ঘেৰিটা সমষ্টিত মুঠ ছয়জন প্রাৰ্থীয়ে মনোনয়ন পত্র দাখল কৰে।