`প্ৰধানমন্ত্ৰী ডাঙৰীয়া, প্ৰতিজন ভাৰতীয়ই আমাৰ ভোট বেংক’-পত্ৰ লিখি মোদীক উভতি ধৰিল খাৰ্গেই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক ‘নিজৰ ভোট বেংক’ক সন্তুষ্ট কৰা বুলি অহৰহ অভিযোগ উত্থাপন কৰি আছে। ইয়াত দশক দশক ধৰি কংগ্ৰেছক ভোট দি অহা মুছলমান ভোট বেংকৰ প্ৰত্যক্ষ উল্লেখ বুলি বিবেচিত হৈছে। এতিয়া কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই পত্ৰ লিখি প্ৰধানমন্ত্ৰীক তাৰ উত্তৰ দিছে।

খাৰ্গেই কয় যে আমাৰ ভোট বেংক প্ৰতিজন ভাৰতীয়। পত্ৰখন টুইট কৰি খাৰ্গে আজি লিখিছে, ‘প্ৰিয় প্ৰধানমন্ত্ৰী, মই আপোনাৰ চিঠিখন দেখিছো যিখন আপুনি এন ডি এৰ সকলো প্ৰাৰ্থীলৈ লিখিছে… হতাশাৰ বাবে আপুনি এনে ভাষা ব্যৱহাৰ কৰিছে যিটো প্ৰধানমন্ত্ৰীৰ লগত খাপ নাখায়।’

খাৰ্গেই মোদীক কয় যে চিঠিখনৰ পৰা এনে লাগে যে ভাষণত কোৱা ‘মিছা’ৰ কোনো প্ৰভাৱ পৰা নাই, এতিয়া আপুনি বিচাৰে যে এন ডি এৰ প্ৰাৰ্থীসকলে আপোনাৰ ‘মিছা’ক আৰু আগুৱাই নিব। তেওঁ কয় যে ভোটাৰসকল ইমানেই বুদ্ধিমান যে কংগ্ৰেছে ইস্তাহাৰত কি লিখিছে আৰু যি নিশ্চয়তা দিছে সেয়া পঢ়িব পাৰে, বুজিব পাৰে।

লগতে পঢ়কঃ কোভিড ভেকচিনৰ প্ৰমাণ পত্ৰৰ পৰা আঁতৰিল প্ৰধানমন্ত্ৰী মোডীৰ ফটো; কিয় দিয়া হ’ল আঁতৰাই?

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে আপুনি যিখন চিঠিত SC, ST, OBC ৰ পৰা সংৰক্ষণ কাঢ়ি লোৱা হ’ব আৰু ‘আমাৰ ভোট বেংক’ক দিয়া হ’ব বুলি দাবী কৰিছে, ‘আমাৰ ভোট বেংক’ হৈছে প্ৰতিজন ভাৰতীয়ই।

কংগ্ৰেছ মুৰব্বীগৰাকীয়ে কটাক্ষ কৰি কয় যে আপোনাৰ চিঠিখন দেখাৰ পিছত মই অনুভৱ কৰিছো যে আপুনি কম ভোটদানৰ বাবে চিন্তাত পৰিছে। ইয়াৰ পৰা দেখা যায় যে আপোনাৰ নীতিক লৈ মানুহ উত্তেজিত নহয়। খাৰ্গেই উপদেশ দি লিখিছে যে প্ৰধানমন্ত্ৰী হিচাপে ঘৃণামূলক ভাষণ দিয়াৰ পৰিৱৰ্তে যোৱা ১০ বছৰত আপোনাৰ চৰকাৰে কৰা কামৰ আধাৰত ভোট বিচৰাটো ভাল হ’ব।

উল্লেখ্য যে অবিৰতভাৱে বহু সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে আজিকালি সমগ্ৰ দেশতে ৰাজপৰিয়ালৰ ৰাজকুমাৰে জোৰ দি কৈছে যে আপোনাৰ সম্পত্তিৰ এক্স-ৰে কৰা হ’ব। মংগলসূত্ৰই হওক বা আন যিকোনো গহনা হওক, কংগ্ৰেছে ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে ইয়াক জব্দ কৰি বিতৰণ কৰি ভোট বেংক মজবুত কৰিব। ইস্তাহাৰত এই কথা উল্লেখ কৰা হৈছে। কিন্তু কংগ্ৰেছে দাবী কৰে যে ইস্তাহাৰত কাৰো পৰা একো কাঢ়ি লোৱাৰ কথা লিখা নাই।