“হাগ্ৰামা মহিলাৰীক জে’ললৈ পঠিয়াম বুলি ব্লেক মেইল কৰিবলৈ হিমন্তই সাহস কত পালে” কংগ্ৰেছৰ প্ৰশ্ন

a himun

“হাগ্ৰামা মহিলাৰীক জে’ললৈ পঠিয়াম বুলি ব্লেক মেইল কৰিবলৈ হিমন্তই সাহস কত পালে”  বুলি আজি প্ৰশ্ন কৰে কংগ্ৰেছে।

এই প্ৰসংগতে কংগ্ৰেছে এইবুলিও দাবী জনালে যে   নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাক প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিব লাগে আৰু তেওঁক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিব লাগে।

মঙ্গলবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰি কয় “হিমন্ত বিশ্ব শৰ্মাই কত ইমান সাহস পালে হাগ্ৰামা মহিলাৰীক জে’ললৈ পঠিয়াম বুলি কবলৈ? তেওঁৰ হাতত যদি পূৰ্বতেই এই সন্দৰ্ভত বহু তথ্য আছিল তেনেহলে তেওঁ অসম পুলিচৰ ওচৰত এই তথ্য সমূহ জমা দিব লাগিছিল নাইবা যদি নিৰ্বাচনৰ সময়ত  তেওঁ এই তথ্য সমূহ পাবলৈ সক্ষম হৈছে তেনেহলে কোনে তেওঁক এই তথ্য সমূহ যোগান ধৰিছে?”

কংগ্ৰেছৰ চৰকাৰ আহিলে সাৰদা কেলেংকাৰী, লুই গাৰ্গাৰ কেলেংকাৰী সমূহ পুনৰ বৰ তদন্ত কৰিব বুলিও তেওঁ কয়।

নিৰ্বাচনী আচৰণ বিধিৰ  ৩২৪ ধাৰাৰ ৰ অধীনত হিমন্ত বিশ্ব শৰ্মাক  প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিব লাগে বুলিও তেওঁ দাবী জনায়।

তেওঁ কয় ‘ভাৰতীয় দণ্ড বিধিৰ ১২৬, ১৭১(C) ধাৰাৰ অধীনত তেওঁক নিৰ্বাচনী প্ৰচাৰৰ পৰা বঞ্চিত কৰিব লাগে’।