হাৰিয়ানাত পৰাস্ত কংগ্ৰেছ : জম্মু-কাশ্মীৰৰ জনতাই অস্বীকাৰ কৰিলে বিজেপিক

ফলাফল ঘোষণা হ’ল জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভাৰ নিৰ্বাচনৰ। দুই ৰাজ্যৰ ফলাফলত দেখা গ’ল পৃথক পৃথক ছবি।

ইতিমধ্যেই ভোট গণনা সম্পূৰ্ণ হৈছে জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ। ৰাজ্যখনত জম্মু-কাশ্মীৰ নেশ্যনেল কনফাৰেন্স(জেকেএন) দলে ৰাজ্যখনত ৯০ খন আসমৰ ভিতৰত ৪২ খন আসনত জয় লাভেৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।  ভাৰতীয় জাতীয় কংগ্ৰেছে ৬ টা, জম্মু আৰু কাশ্মীৰ পিপলছ ডেমক্ৰেটিক পাৰ্টিয়ে (জেকেপিডিপি) ৩টা , জম্মু কাশ্মীৰ পিপুলছ কনফাৰেন্সে ১টা, চিপিআই(এম)-এ ১টা, আম আদমী পাৰ্টিয়ে ১ টা আৰু ৭ টা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। জম্মু-কাশ্মীৰত বিজেপিয়ে ২৯ খন আসন লাভ কৰিছে।

জম্মু-কাশ্মীৰ নেশ্যনেল কনফাৰেন্স(জেকেএন) দলৰ মিত্ৰজোঁটে মুঠ ৪৯ খন আসন দখল কৰিবলৈ সক্ষম হৈছে। ফলাফলৰ পিছতেই দলটোৰ জ্যেষ্ঠ নেতা ফাৰুক আব্দুল্লাই নিজৰ পুত্ৰ ওমৰ আব্দুল্লাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে।

ইফালে হাৰিয়ানাৰ এগজিট প’লৰ দাবী ভুল প্ৰমাণিত কৰি হাৰিয়ানাত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টিয়ে ৮৯ খন আসনৰ ভিতৰত মুঠ ৪৮ খন আসন লাভ কৰি চৰকাৰ গঠন নিশ্চিত কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছে হাৰিয়ানাত ৩৭ টা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়ান নেশ্যনেল লোক দলে ২ টা সমষ্টিত জয় লাভ কৰিছে আৰু ৩ জন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয় লাভ কৰিছে।

উল্লেখ্য যে হাৰিয়ানাৰ জুলানা সমষ্টিৰ পৰা মহিলা মল্লযুঁজাৰু কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফ’গাটে জয়লাভ কৰে। তেওঁ বিজেপিৰ প্ৰাৰ্থী যোগেশ কুমাৰক ৬০১৫টা ভোটত পৰাস্ত কৰে।