দেশৰ অৰ্থনৈতিক মন্দাৱস্থা সুস্থিৰ কৰাৰ দাবীত প্ৰতিবাদ কংগ্ৰেছৰ : ৰিপুন বৰা, হৰিশ ৰাৱাত আৰু শতাধিক প্ৰতিবাদকাৰীক আটক

Congress Protest

কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ এটা মুহূৰ্ত।

দেশৰ অৰ্থনৈতিক মন্দাবস্থা সুস্থিৰ কৰাৰ দাবী আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ সন্মুখত প্ৰতিবাদ কৰি আটক হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাত, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, নুৰুল হুডা, ৰ’জলিনা তিৰ্কী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাস, অজন্তা নেওগ, অংকিতা দত্তকে ধৰি অন্য বহুকেইগৰাকী কংগ্ৰেছৰ নেতা।

সমগ্ৰ দেশতে আজি কংগ্ৰেছে এই প্ৰতিবাদ উলিওৱাৰ সমান্তৰালভাৱে অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত এই প্ৰতিবাদ উলিয়ায়।

কটন বিশ্ববিদ্যালয়ৰ MNDP-হোষ্টেলৰ সন্মুখৰ পৰা আৰম্ভ কৰা এই প্ৰতিবাদী সমদলৰ ৰোধ কৰিবলৈ প্ৰশাসনে গঢ়ি তুলিছিল কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু বেৰিকেইড। কিন্তু বেৰিকেইড ভাঙি ৰিপুণ বৰা, হৰিশ ৰাৱাতৰ নেতৃত্বাধীন প্ৰতিবাদী সমদলটো আগুৱাই যায় ৰিজাৰ্ভ বেংকৰ প্ৰৱেশ দুৱাৰ অভিমুখে।

প্ৰথমতে আৰক্ষী আৰু প্ৰতিবাদী কংগ্ৰেছ নেতা-কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয়। পৰিস্থিতি অধিক জটিল হোৱাত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰভাৱে লাঠীচালনা কৰাৰ লগতে প্ৰতিবাদকাৰীসকলক চোঁচৰাই লৈ যায়। আটক কৰাৰ পিছত তিনি শতাধিক প্ৰতিবাদকাৰীক লৈ যোৱা হয় পাণবজাৰ থানালৈ।

প্ৰতিবাদত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপি চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ কয়, “ডুবিছে অৰ্থনীতি, ডুবিছে দেশ, বিজেপিয়ে কৰিলে সকলো শেষ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনীতিৰ কোনো জ্ঞান নাই, তেওঁ দেশ বেচি খায়।”

তেওঁ লগতে কয়, “বিজেপিয়ে বেচি-কিনি সকলো শেষ কৰি পেলালে।”

প্ৰতিবাদত অংশগ্ৰহণ কৰা হৰিশ ৰাৱাতে কয়, “মোদী চৰকাৰ অহাৰ পৰা ভাৰতৰ অৰ্থনীতি আজি অন্ধকাৰৰ অতল গৰ্ভত। কৰ্মসংস্থাপনৰ ব্যৱস্থাটো ক’মা অৱস্থাত থকাৰ লগতে কৃষিৰ বিকাশ ভেণ্টিলেইশ্যনত সোমাই আছে।”

ইয়াৰোপৰি মোদী চৰকাৰ শাসনলৈ অহাৰ পৰা দেশত ৪৫ বছৰৰ ভিতৰত নিবনুৱা সমস্যা সৰ্বাধিক হাৰত বৃদ্ধি হোৱাৰ লগতে বহু লোকে নিজৰ চাকৰি হেৰুৱাইছে বুলিও ৰাৱাতে কয়।

মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা বিধায়িকা নন্দিতা দাসে বিজেপি চৰকাৰক সমালোচনা কৰি কয়, “নিবনুৱা সংখ্যা বৃদ্ধি হোৱাৰ বাবেই ৰাজ্যত উগ্ৰপন্থীৰ সমস্যা বৃদ্ধি হৈছে। বিজেপিয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৈছিল যদিও এতিয়া দিনক দিনে বৃদ্ধি পাই গৈ আছে।”

প্রতিবাদকাৰীসকলে নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰাৰ লগতে বন্ধ হৈ থকা দুটাকৈ কাগজকল পুনৰুজীৱিত কৰিবলৈ দাবী জনায়।