NORTHEAST NOW (Assamese)

বাঘবৰ জনীয়াৰ ভোটৰ বাবে শ্বেৰমানক বহিস্কাৰৰ সাহস নহ’ল কংগ্ৰেছৰ!

October 4, 2021 4:29 pm · জাহ্নৱী বৰুৱা
Updated: October 4, 2021 4:32 pm

শ্বেৰমান আলিক নিলম্বন কৰাৰ পাছত ভুপেন বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য মন্ত্ৰী পিযুষ হাজৰিকাৰ।

এই সন্দৰ্ভত মন্ত্ৰী পিজুষ হাজৰিকাই কয় “ভূপেন বৰাই শ্বেৰমান আলিক বহিস্কাৰ কৰাৰ সাহস গোটাব নোৱাৰিলে। আমি দেখা পাওঁ যদি কেতিয়াবা কাৰোবাক চাকৰিৰ পৰা নিলম্বন কৰা হয় তেতিয়া আকৌ পুনৰ চাকৰিটো ঘূৰাই পোৱাৰ পুনৰ সম্ভাৱনা থাকে কিন্তু বহিস্কাৰ কৰিলে তেতিয়া চাকৰিটো ওৰে জীৱনলৈ ঘূৰাই নাপায়।”

হাজৰিকাৰ মতে “শ্বেৰমান আলিয়ে কৰা কামটো হৈছে অসহনীয় অপৰাধ আৰু বহিস্কাৰ হে তাৰ উপযুক্ত শাস্তি আছিল।কিন্তু ভূপেন বৰা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ এইখিনি সাহস ন’হল কাৰণ তেওঁলোকক বাঘবৰ,জনীয়াৰ বাংলাদেশী মূলৰ ভোটৰ প্ৰয়োজন হ’ব।”

কেইদিনমানৰ আগতে ভূপেন বৰাই শৰ্মা বিদেশী মূলৰ মানুহৰ বাবে নিজৰ পিন্ধা চোলা খুলি উলংগ হৈছিল বুলি দাবী কৰি হাজৰিকাই লগতে কয় “কিন্তু শ্বেৰমান আলিৰ বিৰুদ্ধে এনেকৈ চোলা খোলাৰ সাহস নাই ভূপেন বৰাৰ। এইবোৰেই হৈছে কংগ্ৰেছৰ দলৰ অসমীয়াৰ প্ৰতি কৰা অসন্মান। ‘

শ্বেৰমান আলিয়ে শ্বহীদৰ বিৰুদ্ধে কৰা অতি বেয়া ভাষাৰে কৰা সমালোচনাৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিহিব নোৱাৰা কথাটোত হাজৰিকাই গৰিহণা দিয়ে।

তেওঁ লগতে কয় “অসমীয়াই বেয়া পোৱা কাম যাতে ভূপেন বৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছে দুনাই নকৰে তাৰ বাবে ভূপেন বৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছলৈ অনুৰোধ।”

Related News