জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকসহ জাতীয়তাবাদী শিবিৰৰ বহু ছাত্ৰ নেতাই পিন্ধিলে গেৰোৱা বসন

"কা" আন্দোলনৰ নেতা এতিয়া বিশ্বনাথৰ বিধায়কৰ ‘মূল মানুহ’

BJP

কংগ্ৰেছ শূণ্যৰ দিশে বিশ্বনাথ। বিশ্বনাথত এফালৰ পৰা খহিব ধৰিছে কংগ্ৰেছৰ দলৰ ভেটি। কিছুদিন পূৰ্বে বিশ্বনাথ মণ্ডলৰ এখনৰ পঞ্চায়তৰ সকলো বিষয়ববীয়াই কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা ঢৌ মাৰ নাযাওতেই পুণৰ আজি বিশ্বনাথৰ কেইবাজনো নেতা কৰ্মী আৰু জাতীয় সংগঠনৰ নেতা আনুষ্ঠানিক ভাবে পিন্ধিলে গেৰোৱা বসন।

বিশ্বনাথৰ মধুপুৰত আজি ভাৰতীয় জনতা পাৰ্টীৰ এখন যোগদান সভাত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি পংকজ বৰা,বিশ্বনাথ জিলাৰ প্ৰভাৰী কিশোৰ উপাধ্যায়,বিজেপিৰ ৰাষ্ট্ৰীয় নেতা পৰেশ বৰকটকী,চাহ জনগোষ্ঠি মৰ্চাৰ ৰাজ্যিক সভাপতি দিগন্ত ঘাটোৱাৰৰ উপস্হিতিত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

আজিৰ এই যোগদান কাৰ্যসূচীৰ জৰিয়তে বিশ্বনাথ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন যুৱ কংগ্ৰেছৰ সম্পাদক অঞ্জন বৰা(জিতু)ই লগত কংগ্ৰেছ দলৰ আন আন নেতা কৰ্মীৰ সৈতে আনুষ্ঠানিক ভাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।

এই যোগদান সভাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ সদৰ আঞ্চলিকৰ সাধাৰণ সম্পাদক অৰ্ণব বৰা,বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বাবুল বৰা সহ কেইবাজনো লোক আজি আনুষ্ঠানিক ভাবে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

ইফালে আজি গেৰুৱা বসন পিন্ধা সদ্য প্ৰাক্তন কংগ্ৰেছ নেতা গাৰকীয়ে বিশ্বনাথত কংগ্ৰেছৰ নেতৃত্বৰ অভাৱৰ ফলত কংগ্ৰেছ দলৰ নেতা কৰ্মী সকল বিজেপি মূখী হৈছে বুলি মন্তব্য কৰে।

আনহাতে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে সমাগত পৌৰসভা নিৰ্বাচনৰ পূৰ্বে এইয়া ভাৰতীয় জনতা পাৰ্টীৰ বাবে শুভ লক্ষণ বুলি উল্লেখ কৰে।

তেওঁ লগতে সমাগত পৌৰসভা নিৰ্বাচনত বিশ্বনাথ নগৰৰ ১২ আসনতে ভাৰতীয় জনতা পাৰ্টীৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে।

আনহাতে জাতীয় সংগঠনৰ নেতা বিজেপিত যোগদান কৰা সন্দৰ্ভত তেওঁ “কা আন্দোলনৰ নেতা এতিয়া মোৰ মূল মানুহ,মই সেই সময়ৰ কথা পাহৰিলো” বুলি মন্তব্য কৰে।