স্বস্তি কংগ্ৰেছৰ! সিদ্দাৰামাইয়ালৈ ‘শুভকামনা’ জনাই শিৱকুমাৰে ক’লে, ‘মই বিদ্ৰোহী নহয়’

কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰ আৰু ৰাজ্যখনৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা সিদ্দাৰমাইয়া। ফটো: সংগ্ৰহীত।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব? সিদ্দাৰমাইয়া নে ডি কে শিৱকুমাৰ? কংগ্ৰেছৰ বিশাল বিজয় পিছত এইটোৱে এতিয়া লাখটকীয়া প্ৰশ্ন। দলৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মুখ্যমন্ত্রীৰ নাম চূড়ান্ত কৰিবলৈ দলীয় নেতৃত্বই কেইবালানিও বৈঠকত মিলিত হৈছে। ইতিমধ্যেই জনা গৈছিল যে মুখ্যমন্ত্ৰীৰ পদৰ বাবে দুই দাবীদাৰ দিল্লীলৈ যাব।

এই পৰিস্থিতিত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বাবে সকাহৰ খবৰ। মুখ্যমন্ত্ৰী পদক লৈ সংঘাতৰ মাজতে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰে প্ৰতিদ্বন্দ্বীক অভিনন্দন জনায়। বিধায়কৰ সমর্থনৰ ক্ষেত্ৰত ৰাজ্যখনৰ জ্যেষ্ঠ নেতাজনেই যে আগবাঢ়ি আছে তাকো তেওঁ স্বীকাৰ কৰিছে৷

শীৰ্ষ নেতৃত্বৰ আহ্বানত ইতিমধ্যে সিদ্দাৰামাইয়া দিল্লীত উপস্থিত হৈছে। তেওঁ সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা। আনহাতে, শিৱকুমাৰেও নিশা ৰাজধানীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: দু:সংবাদ! পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া জোনমণি ৰাভাই

জানিব পৰা মতে খাৰ্গেকে ধৰি শীৰ্ষ নেতৃত্বই ৰাজ্যৰ বিধায়কসকলৰ মন বুজিবলৈ চেষ্টা কৰিছে। বেছিভাগ বিধায়কে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। এই পৰিবেশত সৰ্বভাৰতীয় টিভি চেনেল এটাৰ সাক্ষাৎকাৰত কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰে কয় যে তেওঁ কোনো ‘বিদ্ৰোহী’ নহয়।

তেওঁ কয়, “মই বিদ্ৰোহী নহয়, মই ব্লেকমেইলো নকৰো… মই শিশু নহয়। মোৰ নিৰ্দিষ্ট লক্ষ্য আৰু আনুগত্য আছে।”

উল্লেখ্য যে দেওবাৰে বেংগালুৰুৰ এখন পাঁচ তাৰকাযুক্ত হোটেলত নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠক অনুষ্ঠিত হয়। কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ নাম নিৰ্ণয় কৰিবলৈ তিনিজনীয়া এখন কমিটী গঠন কৰিছিল। সূত্ৰ অনুসৰি সমিতিৰ সদস্যসকলে প্ৰতিজন বিধায়কৰ সৈতে পৃথকে পৃথকে আলোচনা কৰে। কিন্তু দীৰ্ঘদিনীয়া বৈঠকৰ পাছতো কোনো সিদ্ধান্ত ল’ব পৰা নগ’ল।

লগতে পঢ়ক: সন্তানৰ শত্ৰু হৈ পৰে এইসকল পিতৃ-মাতৃ! বাৰে বাৰে সাৱধান কৰিছে চাণক্যই

শেহতীয়াকৈ শুনা গৈছে যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক মুখ্যমন্ত্ৰী বাছনিৰ দায়িত্ব দিয়া হৈছে। এনে পৰিস্থিতিত শিৱকুমাৰে সিদ্দাৰামায়াক শুভেচ্ছা দিয়াত দলটোৰ অস্বস্তি হ্ৰাস পাইছে।